কৃষ্ণৰ জীৱনৰ ঐতিহাসিক তথ্য উদ্ঘাটন কৰোঁতে এই ঐতিহাসিক সকলে শিশুপালে কৃষ্ণক পৰা গালিখিনিৰো প্ৰয়োজন বুজিছে। কৃষ্ণৰ যদি এনে কোনো কলঙ্ক পোৱা যায়ো, সিও যে এদিনা সিবিলাকৰ কামতে নেলাগিব তাকে বা কয় কোনে? যুগে যুগে ভিন্ন ৰুচিৰ ভিন্ন লোকে কৃষ্ণক কি কি ভাবে চাইছিল জানিব খুজিলে সিও এক জানিবৰেই কথা। অত্যুক্তি আৰু অলৌকিকতা জগতৰ কোন জনা ধৰ্ম্ম সংস্থাপকৰ জীৱনীত নাই? তাৰ গন্ধ নেপালে পৃথিবীয়ে যে সহজে গ্ৰহণ কৰিব নোখোজে। য’ত গন্ধ নাই ত’তো সি গন্ধ দি লয়;—ই মানুহৰ মনৰ বিকাৰ, মন নমৰে মানে মাৰে কোনে?
কেইটিমান ঘটনাৰ ওপৰে ওপৰে চাই কোনো কোনোৱে যাক কৃষ্ণ চৰিত্ৰৰ কলঙ্ক বোলে, সেয়ে দেখোন সাধু ভক্তৰ জ্ঞান আৰু প্ৰেমৰ পোহৰত একোখনি উজ্জ্বল লোকলৈ টানি লৈ যায়। আমি হয়তো হাবিৰ মাজৰ শিল এচপৰি দেখি তাত মোনাৰ পৰা উলিয়াই কটাৰীখনি ধৰাই লোৱাত বাজে আৰু অন্য একো সদ্ব্যৱহাৰ ভাবি নেপাব পাৰোঁ; ৰামচন্দ্ৰৰ দৰে মহাপুৰুষৰ পদস্পৰ্শত সিয়েই এদিন অহল্যা হৈ জাগি উঠে, কথা কয়। কোনে৷ কোনো ভক্তই কৃষ্ণৰ মহিমা উজলাবলৈ গৈ তেহেলৈ অতি ভক্তিতে হওক বা বৰকৈ বৰাই কৰাৰ ধাউতিতে হওক, অথবা নিজ নিজ সম্প্ৰদায়ৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈকে হওক মাজে মাজে কৃষ্ণ চৰিত্ৰ