যুগে কত যোগী, কত ঋষি, কত সাধকে যোগৰ প্ৰভাৱেৰে, তপস্যাৰ তেজেৰে, সাধনাৰ সিদ্ধিৰে উপলব্ধি কৰি হৃদয়ত প্ৰত্যক্ষ পৰশ পাই প্ৰাণৰ বিশ্বাসেৰে কবই লাগিছে,—কৃষ্ণ আমাৰ পূৰ্ণতমৰ পূৰ্ণপ্ৰভা দিব্য জ্যোতিৰে জিলিকি পৰিছে!—এনে হেন কৃষ্ণৰ যদি ঈশ্বৰত্ব এৰি দি ইতিহাস লিখা যায়, তেনে সেই কৃষ্ণ হব ঐতিহাসিকৰ কৃষ্ণ, ভাৰতৰ কৃষ্ণ নহয়! শব্দৰ পৰা ভাবক, বাক্যৰ পৰা অৰ্থক বাদ দিলে আৰু থাকিব কি? গতিকে ভাৰতে কৃষ্ণ চৰিত্ৰত ঈশ্বৰত্বৰ কথা বাদ দিব নোৱাৰে। ইমান অস্বাভাবিক অলৌকিকতা ভাৰতে যেতিয়া প্ৰাণেৰে উপলব্ধি কৰি স্বীকাৰ কৰি ললেই, অইন যিবিলাক পালী অলৌকিকতা সেইবিলাক এই ঘাইৰ লগে লগে এনেয়ে চলি যাব।
কৃষ্ণ চৰিত্ৰৰ যে অপব্যৱহাৰ হোৱা নাই তাকো অস্বীকাৰ কৰিব নোৱাৰি। তেওঁ অতি মহৎ যেতিয়া তেওঁৰ অতি নিন্দা অতি অপব্যৱহাৰ থকাটো অতি স্বাভাবিক। অপব্যৱহাৰ হলেও সেইটি কৃষ্ণ চৰিত্ৰৰ দোষ হয় কেনেকৈ? আমাৰ দেশৰে এখন চহৰৰ লুইতৰ পাৰত গণেশৰ মূৰ্ত্তি এটি আছে। সেই মূৰ্ত্তিটিৰ কাষলৈ সদায় ঘনাই নহলেও মতাই তিৰোতাই ভালেখিনি লোক যায়; সেয়ে প্ৰাণেৰে প্ৰাৰ্থনা জনাই ভৱসাগৰ তৰিবলৈ নহয়, দেশৰ দেৱানী মকৰ্দ্দমাবোৰৰ আৰু মেলৰ বাদ-কুবাদৰ শপত খাই দায় সাৰিবলৈ। শপত সম্বন্ধে সেই মূৰ্ত্তিটিৰ ভালেখিনি মাহাত্ম্য ইতিমধ্যতে পাঁচালী