পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৮০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২
সপ্তপৰ্ণ

ভাৰতত বাজে আৰু অইন কতো দেখা নেযায়! চাবলৈ গলে ইয়াতকৈ অতি অস্বাভাবিক, অতিপাত অলৌকিক বিশ্বাস কৃষ্ণৰ সম্বন্ধে আৰু কি হব পাৰে?—তথাপিতো ভাৰতৰ ইমান স্পৰ্দ্ধা, সি আজি অটল বিশ্বাসেৰে মুৰ তুলি স্বীকাৰ কৰিছে— কৃষ্ণ আমাৰ স্বয়ং ঈশ্বৰ! এই বিশ্বাসতে শয়ে শয়ে পোখা ওলাই কৃষ্ণৰ জীৱনত অলৌকিকতাৰ গন্ধ দিয়াটো অতি স্বাভাবিক। ভাৰতে কৃষ্ণক স্পষ্টকৈ ঈশ্বৰ দেখিছে বুলিয়েই ঈশ্বৰ নুবুলি পৰ৷ নাই। কৃষ্ণ যে ঈশ্বৰ—ই অকল দৰ্শনৰ মীমাংসাই নহয়, সাধনাৰে সিদ্ধ এক শেষ সিদ্ধান্ত। দৰ্শনৰ গহনলৈ নগৈও ওপৰে ওপৰে বুজিব খুজিলে সাধাৰণতে আমি ঈশ্বৰ বুলিলে কি দেখোঁ, কি বুজোঁ?—ঈশ্বৰক আমি দেখাকৈ নেদেখোঁ, দেখোঁ তেওঁৰ সৃষ্টি, তেওঁৰ কাৰ্য্যকলাপ। তেওঁৰ কাৰ্য্যকলাপ দেখাত কেনে সহজ, কেনে সুন্দৰ, কেনে মঙ্গলময়! তেওঁৰ কাৰ্য্য কৰিব লগীয়া কোনো প্ৰয়োজন নাই, কাৰো তাড়না নাই, অথচ কাৰ্য্য কৰিছে;—তাত স্বাৰ্থ মদৰ উত্তেজনা নাই, আসক্তিৰ লেশ নাই, গতিকে বন্ধনৰ নামো নাই। নিজে সাক্ষী স্বৰূপে থাকি নিৰ্লিপ্ত ভাবে কাম চলাইছে।—সেই কামৰ আদিত আনন্দ, মাজত আনন্দ, অনন্ত আনন্দ,—আগে গুৰিয়ে আনন্দময়ৰ আনন্দ লীলা!—যেতিয়া ঈশ্বৰক আমি তেওঁৰ কাৰ্য্যকলাপত বুজিব খোজোঁ, জানিব খোজোঁ,—জানি জানি অন্ত কৰিব নোৱাৰো,—জনা নহয়,—নেজানি! তেওঁক জানি যে অন্ত কৰিব