সেই কথাকে বিনা বিচাৰ বুদ্ধিৰে গ্ৰহণ কৰিব নোখোজে। যি যি কথা সিবিলাকৰ বিচাৰত যুক্তিপূৰ্ণ যেন বোধ হয় আৰু মনলৈ ভাল যেন লাগে, তাকে লৈ সিবিলাকে এক পৃথক ৰচনা কৰিবৰ চেষ্টা কৰে। এনে ধৰণৰ এৰা-ধৰা উদ্ধাৰণৰ ক্ৰিয়া হাজাৰ হলেও সি সত্য সন্ধানৰ এটি প্ৰথা মাথোন। সেই প্ৰথাৰে আচল সত্য উপলব্ধি নহয় মানলৈ, কৃষ্ণত আচল শ্ৰীকৃষ্ণ নেদেখে মানলৈ তাক পথ বুলি লব নোৱাৰি। কিন্তু আচৰিত এয়ে যে—যিসকলে সাধনাৰ পোহৰত কৃষ্ণ- শৰীৰত বিশ্বব্ৰহ্মাণ্ড ধাৰণ কৰা অসীম ঐশী শক্তিৰ সুপ্ৰকাশেৰে সঁচাসঁচিকৈ শ্ৰীকৃষ্ণক দেখিছে সেই সকলো ভক্তই সহজেই হওক বা দুৰ্ব্বোধেই হওক, স্বাভাবিকেই হওক বা অস্বাভাবিকেই হওক কৃষ্ণৰ সমগ্ৰ চৰিত্ৰকে আনন্দময়ৰ অচিন্ত্যলীলা বুলি যুগে যুগে আনন্দেৰে উপভোগ কৰিয়েই আহিছে। সিবিলাকে দেখোন এনে এৰা-ধৰা কৰাৰ কথালৈ মন নেমেলে।
কৃষ্ণ চৰিত্ৰত চলি থকা যিবিলাক অস্বাভাবিক বা অতি অলৌকিক কথা আছে সেই সকলোবিলাকৰে মূল হ'ল ভাৰতৰ সেই অতি অলৌকিক ধাৰণা—কৃষ্ণ যে স্বয়ং ঈশ্বৰ। পৃথিবীলৈ আজিলৈকে যি কেগৰাকীয়ে ধৰ্ম্মৰ পোহৰ আনিছে সেই কেগৰাকীক কোনো ঠাইত ঈশ্বৰৰ পুত্ৰ, কোনো ঠাইত ঈশ্বৰৰ প্ৰেৰিত, কোনো কোনে৷ ঠাইত বা ঈশ্বৰৰ প্ৰেমেৰে অনুপ্ৰাণিত বুলি স্বীকাৰ কৰি প্ৰাণৰ শ্ৰদ্ধা জনাব লাগিছে। মানুহেই যে ঈশ্বৰ হব পাৰে এনে নাভূত নাশ্ৰুত ধাৰণা