পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৭৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০
সপ্তপৰ্ণ


 আজি চাৰি পাঁচ হেজাৰ বছৰ ভাৰতে কৃষ্ণক ইতিহাসৰো অতীত পাতি পূজা কৰি আহিছে, দুনাই সেই কৃষ্ণক আজি ইতিহাসৰ মানৱলৈ টানি অনাৰ এনে কি নহলে নোহোৱা প্ৰয়োজন হৈ পৰিল বুজিব নোৱাৰি। ইয়াৰ প্ৰয়োজনীয়তাৰ প্ৰসঙ্গত সিবিলাকে কয়, এই চেষ্টাৰ আচল উদ্দেশ্য বোলে কৃষ্ণ চৰিত্ৰত যিখিনি বিশেষ প্ৰমাণ নথক৷ কাল্পনিক কথাৰ অত্যুক্তি আৰু অলৌকিকতা আছে, যিখিনি অতি ভক্তিয়ে বা ভো-ভকতৰ ভণ্ডালিয়ে দিয়া কলঙ্ক আছে, সেই সকলো বিলাক চাচি চুৰুকি চিকোণাই সহজে সকলোৰে বিশ্বাস হোৱাকৈ কৃষ্ণক ইতিহাসৰ ভেটিলৈ আনি ঐতিহাসিক চৰিত্ৰ উদ্ধাৰ কৰি জগতৰ আগত তুলি ধৰা। তালৈকে হেনো সবিশেষ প্ৰমাণ নেপাই বা সম্ভাৱনা নেদেখি কৃষ্ণৰ সম্বন্ধে চলি থকা কোনো কোনো কথ৷ কাল্পনিক বুলি একতীয়াকৈ থৈ কৃষ্ণৰ ইতিহাস কল্পনা কৰা হৈছে। গৈ থৈ সিবিলাকৰ হাতত যি ৰ’লগৈ — সিও হ’ল ঐতিহাসিকৰ কাল্পনিক কৃষ্ণ। এই কাল্পনিক কৃষ্ণক ইতিহাসৰ যুক্তি লৈ মনেৰে গঢ়ি লোৱাত বহুতো যুক্তি থাকিৰ পাৰে; কিন্তু এনেদৰে মন আৰু বুদ্ধিৰে গঢ়া কৃষ্ণ ইতিহাসে হাতেৰে ঢুকি নোপোৱা যুগৰ আচল কৃষ্ণ নহয় বুলি কোনোবাই যদি কয়, তেনে তাতো যে কম যুক্তি থাকে তাকে৷ কব নোৱাৰি। – হব পাৰে, স্বাতন্ত্ৰ্যবাদৰ আলোকত কোনো কোনো আলোচকে শাস্ত্ৰ আৰু সম্প্ৰদায়ৰ মত বা বিবৃতি বুলিয়েই যেই