পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৭২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
সপ্তপৰ্ণ

ফুৰে, এনে এজনা গোপিনী নাই যি সৰল প্ৰাণে কান্দি উঠা নাছিল,⸺“নিলে যদি নিলে, দধি লৱনী হে নিলে, সেই বুলি নো সেই হেন সুকোমল চৰণ দুখনিৰে আমাৰ প্ৰাণ কানাইক এই ৰ’দত জুই যেন তপত মাটিৰ ওপৰে খেদি খেদি লৰুৱাই ফুৰাব পায় নে?”⸺কি এই ভাব!⸺ ভাবিলে প্ৰাণ গলি যায়!⸺লাহে লাহে যেতিয়াই গৰু গাই চৰাব পৰা হ'ল⸺মুখত বাঁহীটি লৈ কৃষ্ণ গৰু চৰাবলৈ যায়। কানুৰ বেনু ধ্বনিত তন্ময় হোৱা গোপিনীৰ প্ৰাণৰ তানে বিশ্বপ্ৰকৃতিৰ উদাৰ হৃদয়ত প্ৰতিধ্বনি তুলি আপুনি যেন বাজি বাজি যায়,⸺“শ্যাম কানু, চাৰে বৃন্দাবনে ধেনু, কানু হাততে মোহন বেনু!” কানাইৰ হাতৰ মোহন বেনু,⸺ সি হাতীদাঁতৰ সোণ ৰূপ খটোৱা বহুমুলীয়া সুৰৰ যন্ত্ৰ নহয়,⸺ অতি সাধাৰণ বাঁহৰ এটি সৰল বাঁহী,⸺তাৰ ছিদ্ৰই দি কানাইৰ বিশ্বজিনা হাঁহি ফুটি পৰিছিল! তাৰ এনে প্ৰাণ ভুলোৱা সুললিত সুৰ,⸺হাঁহিত বাউল হোৱা গকুল বাঁহীৰ সুৰত বলিয়া হ'ল। ব্ৰজ ৰমনীৰ হিয়া নুবুলি যদি ৰাধা বুলি ধৰা যায়, তেনে বাঁহীৰ সুৰত বাজি বাজি উঠিছিল বিশ্বৰ হ্লাদিনী জগোৱা সেই সুৰ,⸺ৰা ধা—ৰা-ধা —ৰা—ধা!⸺তাত কথা নাই, ভাব নাই, কেৱলে সুৰ! সুৰ যে বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰাণৰ স্পন্দন! শিশুৰ সৰল হিয়ালৈ লাগে সুৰ! বিশ্ব প্ৰকৃতিৰ প্ৰাণলৈ লাগে সুৰ! সেই অনাদি সুৰত সৰল প্ৰাণৰ গোপিনীয়ে নিজ নিজ নামৰ আহ্বান