সৰলতা, যি উপযোগিতা, যি চিৰ-প্ৰফুল্লতা, সেই ভাবেই যে স্বৰ্গৰ ভাব, সেইহে মহাপুৰুষ যীশুৱে কৈ গৈছে—“স্বৰ্গৰাজ্য খনি শিশুৰেই গঢ়া।” স্বৰ্গৰাজ্যৰ শিশুৰ হিয়াৰ দৰে সৰল গোপ-সমাজলৈ স্বৰ্গৰাজ্যৰ শিশু কৃষ্ণ কেনে যে দীন হীন বেশে আহিছিল! বন্দীশালৰ অন্ধকাৰত জনম, পিতৃ-মাতৃ পৰিত্যক্ত সন্তান,⸺ৰাতি দিন কংসৰ ভয়,⸺ আপোন বুলিবলৈ কোনে৷ নাই,⸺অথচ সেই সুন্দৰ মুখ খনিৰ কি মায়া, কি শকতি!⸺গোটেই ব্ৰজপুৰ আনন্দত উদ্বাউল কৰি তুলিলে! পৰ আপোন হৈ যোৱা এই আনন্দ, তাৰ যে তুলনা নাই! কৃষ্ণৰ জন্ম প্ৰসঙ্গৰ যি নন্দোৎসৱ,⸺ সি অকল নন্দ যশোদাৰেই উৎসৱ নহয়,⸺সমগ্ৰ ব্ৰজপুৰ, সমগ্ৰ ভাৰতৰ প্ৰাণৰ উৎসৱ! গকুলৰ গোপিনীৰ প্ৰতি ঘৰলৈ যেন আপোনাৰো আপোন এটি আহি জনম ললেহি। দিনটিত এবাৰ নহয়। এবাৰ সেই খনি মুখ নেদেখিলে প্ৰাণত কাৰো শান্তি নাই। কেচুৱা কৃষ্ণই নেহাঁহিলে জগত গোটেই খনিয়ে যেন নেহাঁহে। কি প্ৰাণ সঞ্জীবনী সেই হাঁহি! ল’ৰি ফুৰা কৃষ্ণই গোপিনীৰ ঘৰে ঘৰে লৰালিৰ আনন্দ আঁজলি ভৰাই বিলাই ফুৰিছিল। বনৰ বান্দৰেও বান্দৰালি এৰি সেই লৰালিৰ পাচে পাচে ঢাপলি ধৰিছিল। গোপিনীয়ে নিজৰ আমনি নিজৰ হানি-বিঘিনিলৈ মন নিদি কানাইৰ মুখৰ হাঁহি এটি চাই নিজে হাঁহি মাতি আনন্দ পাইছিল। যেতিয়৷ ননীচোৰ কানাইক বান্ধিবলৈ বুলি যশোদাই খেদি
পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৭১
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
চতুৰ্থ পৰ্ণ