বাগি গজি সৰি আকৌ গজিব পাৰিছে। মা আছে, মা মোৰ আছে৷ প্ৰাণৰ মাজত নিৰলে নীৰৱে তেওঁ মোক পৰশ দিয়েই আছে। আজি মালৈ দিয়৷ ৰচনা খনিৰ নাম বিচাৰোঁতে মনত পৰিল সেই সাতপহীযা পাতখিলিলৈ।
সপ্তপৰ্ণৰ শাৰদীয় ফুল বৰ মদগন্ধি। ৰূপে তাৰ চকু নুভুলায়, গন্ধই তাৰ মন নেটানে, কোনেও আদৰ নকৰে। কিন্তু মহাৰাত্ৰিৰ পূজাত বিশ্ব-জননীক মহাস্নান কৰোৱা হয় সপ্তপৰ্ণৰ জলেৰে; গতিকে মনত আশা জাগিল,- মোৰ জননীৰ পূজাত, ভাষ৷-জননীৰ পূজাত লগাইছোঁ যেতিয়া এই ৰচনাৰ নামো সাতোটি পৰ্ণেৰে সপ্তপৰ্ণই হওক।
বহাগৰ বিহুৰ এই “ৰঙ শিঙ্গা,”⸺তাৰ মাত শুনি কেনিবা কৰবাত ভাই ভনীটীহঁতৰ এখনি হিয়ায়ো নাচি উঠি পৰমানন্দৰ মুখে যদি মন মেলে, তেনে তাৰ গৌৰব ৰঙ- শিক্ষাৰ নহয়,⸺যাৰ ফুকাৰত এই অসাৰ শিঙ্গা বাজি উঠিছে, সেই ভাৰতৰ ভক্ত আৰু পৰমভক্ত সকলৰ হে।
ভাৰতৰ যুক্তাত্মা ঋষিসকললৈ, ব্ৰহ্মবাদিনী ঋষি-পত্নী সকললৈ সাষ্টাঙ্গে প্ৰণিপাত; যি সকল ভক্ত আৰু পৰমভক্তৰ চিন্তাৰ ধাৰাই এই দীনহীনৰ পাষাণ প্ৰাণো লৰাই তুলিছে, সিবিলাকলৈ সভক্তিৰে সেৱা; যি সকল মনীষীৰ ভাবৰ সোঁতত বুকু পাতি পাতি উজাই অথবা গা ঢালি দি উটি উটি মাজে মাজে নাদুৰি ফুৰিছোঁ, সিবিলাকলৈ প্ৰাণৰ শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ।
ইং ১৯৫৩ |
—ইন্দ্ৰ— |
}