বেচি হ’ল। পচিমীয়া বিদ্বানসকলে কৃষ্ণৰ জন্মকাল সম্বন্ধে খৃষ্টপূৰ্ব্ব চতুৰ্দ্দশ শতাব্দীৰ পৰা খৃষ্টপূৰ্ব্ব ষষ্ঠ শতাব্দীৰ ভিতৰৰ কেবাটা কাললৈকো আঙ্গুলিয়ায়;—কৃষ্ণক বান্ধিব খোজা যশোদাৰ জৰীৰ দৰে ই তেও দু-আঙ্গুল নাটে! জনদিয়েকে আকৌ আৰু তললৈ নামি কৃষ্ণক যীশুখৃষ্টৰ হিন্দু সংস্কৰণ বুলি খৃষ্টাব্দৰ আদি ছোৱালৈকো আনিব খোজে। সিবিলাকৰে দেখোন বিচাৰৰ শেষ হোৱা নাই। বিচাৰৰ শেষ সিদ্ধান্ত সত্য বুলি সকলো প্ৰকাৰে প্ৰতিপন্ন নোহোৱালৈকে ভাৰতৰ বিশ্বাস সত্য নহয় বুলি কোৱাৰ বিশেষ একো যুক্তি যি নাইয়েই নে প্ৰয়োজনো নাই।
ব্ৰজলীলা, মথুৰালীলা, আৰু দ্বাৰকালীলা লৈয়েই কৃষ্ণৰ জীৱনী। ইয়াৰ ভিতৰত মথুৰালীলাৰ যিটি মহান আদৰ্শ সেয়ে দ্বাৰকালীলাত বিৰাট ভাৱে প্ৰকটিত হৈছে। মথুৰালীলাৰ দুৱাৰ- দলিতে চকুত পৰে⸺কৰ্ত্তব্যৰ নামত হৃদয়ৰ দৌৰ্ব্বল্য শাসন,⸺ নন্দ-বিদায়ৰ আৰু উদ্ধৱ সংবাদৰ কৰুণ কাহিনী আজিও ভাৰতৰ প্ৰাণে বিনাব লাগিছে।⸺সি যে বিৰহত ভাগি ছিগি জোল বৈ যোৱা বৈদেহী-বিৰহী ৰামভদ্ৰৰ হৃদয়, অথচ কৰ্ত্তব্য পালনত কেনে দৃঢ়, কেনে অচল অটল!⸺তাৰ পাচত চকুত পৰে আচৰিত ত্যাগ আৰু কৰ্ম্মত নিৰ্লিপ্ততা!⸺ উগ্ৰসেনৰ ঠাইত ৰজা হবলৈ স্বয়ং উগ্ৰসেনৰ, অইন কি বহুদিনৰ মুৰত মুখ দেখা পিতৃ মাতৃৰ, আৰু মথুৰাৰ গুণমুগ্ধ প্ৰজা- বৃন্দৰ কত কাকূতি, কত মিনতি, কত অকপটীয়৷ অনুৰোধ;—