পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৬৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
সপ্তপৰ্ণ

এতিয়ালৈ নহয়, অনন্ত কাললৈ অন্ধকাৰ ভৱসমুদ্ৰৰ মাজত অকূল নাবিকক কূল দিয়েই থাকিব! যশোদাৰ কোলাৰ মনোময় হাঁহিটি বৃন্দাবনৰ বাঁহীৰ সুৰত ভাহি ফুৰিছিল। তাত আছিল কেৱল সুৰ! সেই সুৰেই পাঞ্চজন্যৰ অভয় নিৰ্ঘোষৰ গভীৰ শব্দৰ আৱৰণ লৈ শ্ৰীগীতাৰ গীতৰ আকাৰে মানৱ সমাজত দেৱৰ ভাষাৰে এক অভিনৱ ভাৱৰ বিকীৰণ কৰিলে,⸺প্ৰতিটি ঝঙ্কাৰত যেন বিশ্বশক্তি নাচি উঠিল। প্ৰাণীৰ মোহ অন্ধকাৰৰ প্ৰভেদৰ মাজত এক সেই মিলন ক্ষেত্ৰ⸺আত্মাৰ যি আত্মবিদ্যা, তাৰে আত্ম গান বাজি উঠিল শ্ৰীকৃষ্ণৰ মুখকমলত। ই অকল ভাৰতৰে নহয়,⸺আত্ম৷ মাত্ৰৰেই আত্মগান,⸺নিখিল বিশ্বৰ জীৱন সঙ্গীত,⸺বিশ্বব্ৰহ্মাণ্ডত ৰাতি দিন বাজিবই লাগিছে! তাৰ পাচত নিজে সাক্ষীস্বৰূপে থাকি জগতৰ সকলো দুস্কৃতিৰ নিৰ্য্যান কৰাৰ অন্তত বিজয় মদত মতলীয়া হোৱা নিজৰ উদ্ধত যদুকুলকো প্ৰভাসৰ তীৰত সমূলে বিনাশ কৰোৱাই অশেষ কীত্তিপূৰ্ণ অনুপম জীৱন- নাটকৰ যৱনিকা পেলালে।

 নিচেই চমুকৈ এয়ে শ্ৰীকৃষ্ণৰ জীৱন কাহিনী। ভাৰতৰ বিশ্বাস কৃষ্ণৰ জন্ম হৈছিল দ্বাপৰ আৰু কলিৰ সন্ধিত। এই বিশ্বাস বা’তে বলা বা গাপতে উখুমা ধৰণৰ নহয়। ভাৰতৰ কেবা গৰাকী পণ্ডিতেও পাঁজি পুথি চাই আমালৈ জাপি থৈ গৈছে। সেই হিচাপেৰে চালে শ্ৰীকৃষ্ণৰ জন্ম হোৱা আজি প্ৰায় পাঁচ হেজাৰ বছৰতকৈ কেইবছৰমান