দ্বাৰকাত শ্ৰীকৃষ্ণই বিবাহাদি পাতি এখনি সোণৰ সংসাৰ ৰচনা কৰিলে। যদুবীৰ এজনৰো গাত আঁচোৰ এটি নলগাকৈ যদুবংশৰ চিৰবৈৰী দুৰ্জ্জয় জৰাসন্ধক লীলাৰ ছলেৰে হত্যা কৰি শ্ৰীকৃষ্ণই পৃথিবীৰ পৰা এটা ভয়ঙ্কৰ অত্যাচাৰীক আঁতৰাই পেলালে। চতুৰ ৰণ-নীতিৰে যাদৱ বাহিনী চালনা কৰি গোটেই ভাৰত দিগ্বিজয় কৰিলে, আৰু লগে লগে লব্ধ ৰাজ্যত সুশাসন প্ৰণালীৰে ধনে ধান্যই, বিদ্যাই গৌৰবে, জ্ঞানে গৰিমাই, প্ৰেমে প্ৰীতিয়ে বিজিতক চিৰ কৃতাৰ্থ কৰিলে। তাৰ পাচত পাণ্ডৱসকলৰ সাৰথি হৈ কুৰুক্ষেত্ৰৰ মহাযুদ্ধৰ মাজেদি, ভাৰতত ধৰ্ম্মৰাজ্য সংস্থাপন কৰি দি গ’ল। এই মহাৰণত ভাৰতৰ অনীতি, অধৰ্ম্ম, ব্যভিচাৰ আৰু আভিজাত্য অভিমানৰ বহুদিনীয়া প্ৰতিপত্তিৰ ইমান সাংঘাতিক পতনে এনে চমক্ লগালে, আৰু তাৰ কেন্দ্ৰত সাৰথিৰূপে ভগবান কৃষ্ণৰ জ্যোতি ইমান জক্মক্কৈ জলিবলৈ ধৰিলে যে দেশে দেশে সেই স্মৃতি সেই দৃশ্য জীৱন্ত হৈ এতিয়াও পথভ্ৰষ্ট ভাৰত সন্তানক দিনে দিনে সোঁৱৰাব লাগিছে⸺“অৰ্জ্জুনৰ ৰথৰ সাৰথি নাৰায়ণ, হে’⸺অ’ দুৰ্য্যোধন!” এই মহাযুদ্ধৰ লগে লগে ভাৰতৰ সেই কালৰ সকলো হাহাকাৰ, সকলো অভিমান, সকলো সমস্যাৰ শেষ হৈ গ’ল। অকল সেয়ে নহয়, ধৰ্ম্মক্ষেত্ৰ কুৰুক্ষেত্ৰৰ সমৰাঙ্গনত ভাৰতৰ সঞ্চিত জ্ঞানব যি এটি অতি উজ্জ্বল অখণ্ড প্ৰদীপ শ্ৰীগীতাৰ তৈলাধাৰত জলাই দিলে, তাৰ সুচিকোণ আলোকে তেতিয়াই নহয়,
পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৬৭
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
চতুৰ্থ পৰ্ণ