সৌন্দৰ্য সকলো মাধুৰ্য্য লৈ ব্ৰজ-ৰমণ কৃষ্ণই ব্ৰজপুৰত নিভাঁজ আনন্দৰ ধাৰা বোৱাই অক্ৰূৰৰ লগত কংসৰ ধনুৰ্যজ্ঞ চাবলৈ মথুৰালৈ আহিল। ইমানতে ব্ৰজলীলাৰ প্ৰথম অঙ্কৰ আঁৰ কাপোৰ পৰে।
মথুৰালৈ আহি শ্ৰীকৃষ্ণই কুবলয়, চানুৰ, মুষ্টিক আদিক হত্যা কৰি ঠাল ঠেঙ্গুলি ভাঙ্গি লৈ গা-গছ কংসক উঘালি মথুৰাক শত অত্যাচাৰৰ পৰা মুক্ত কৰি দিলে; আৰু অনতিপলমে পিতৃ মাতৃৰ কাৰা-বন্ধন মোচন কৰি উগ্ৰসেনক বন্দীশালৰ পৰা উলিয়াই আনি ৰজা পাতিলে; তাৰ পাচত গুৰুগৃহত পঢ়ি শুনি নিচেই কম সময়ৰ ভিতৰতে সকলো শিক্ষাত পাৰ্গত হৈ সেই শিক্ষাৰে মনন আৰু অনুশীলন কৰিবৰ অভিপ্ৰায়ে হিমালয়ৰ মুখে গুচি গল। কিছুকালৰ পাচত উভতি আহি দেখিলে⸺কংসৰ অত্যাচাৰৰ ঠাইত আৰু এক অত্যাচাৰে মুৰ তুলি উঠি মথুৰাক হাৰাশাস্তি কৰিছে। জৰাসন্ধ আৰু কালযৱনৰ ঘন ঘন আক্ৰমণত যাদৱবীৰসকলৰ মাজৰ মাৰ ভগাত সিবিলাকে প্ৰাণ লৈ পৰ্ব্বতে অৰণ্যে পলাবলৈ ধৰিছে। অতি আচৰিত কৌশলেৰে এটুপিও যাদৱ ৰক্ত পাত নকৰাকৈ কালযৱনক হত্যা কৰি সিচৰতি হৈ থকা যদুবীৰ সকলক একে মুঠিতে লৈ এক বিজয়ী যদুকুল গঢ়িবৰ মনেৰে বৃদ্ধিৰ সকলো সম্ভাৰ চপাই বুটলি দূৰ দূৰণিৰ দ্বাৰকালৈ আঁতৰি গল। এয়ে শ্ৰীকৃষ্ণৰ মথুৰালীলাৰ দ্বিতীয় অঙ্ক।