যেতিয়৷ নন্দৰ কানাইত বাজে এই নামে অইন কাকো নুবুজোৱাৰেই কথা। মৰমৰ ল’ৰা ছোৱালীক কোষ্ঠীৰ সংস্কৃতীয়া খ্যাত নামেৰে মাতিবলৈ অনেক সময়ত খকজা বাজে কাৰণে তাক কোমলাই বা তাৰ সলনি অন্য মৰমৰ মাতেৰে মতাটিয়েই মানুহৰ ‘পৰ্কিতি’ এনে প্ৰকৃতিতেই আসানৰ বৈষ্ণৱ সাহিত্যত কৃষ্ণৰ সহস্ৰ নাম থাকোঁতেও আৰু এটি নাম হ’ল কলীয়া।
আজি প্ৰায় পাঁচ হেজাৰ বছৰৰ আগৰ শ্ৰীকৃষ্ণৰ জন্ম হোৱ৷ কাহিনী পঢ়িলে প্ৰাণ অকল শীতলেই নহয় বিস্ময়ৰ পুলকে মনো যেন জিনি ধৰেহি। দৈৱকী দেৱীৰ অষ্টম সন্তানৰ হাতত যে মৰণ,⸺সেই মৰণৰ তৰোৱাল শিৰৰ ওপৰত ওলমি থকা কংসৰ কি সতৰ্কতা! আতঙ্কত কত সতৰ্ক কংসৰ সেই অনুচৰবৰ্গ! ইমান সতৰ্কতা বজ্ৰ বিজুলীৰে শিল ধুমুহাৰে ব্যৰ্থ কৰি কোনেও নজনাকৈ কৃষ্ণৰ জনম। প্ৰসূতিৰ শেতেলিত অকলে দৈৱকী দেৱীক এৰি থৈ দুৰ্ল্লঙ্ঘ্য প্ৰাচীৰৰ আপুনি মুকলি হৈ থকা লোহাৰ কৰাটৰ দুৰ্ভেদ্য দুৱাৰেদি ওলাই ভাদমহীয়৷ ভৰা যমুনা পাৰ হৈ নন্দৰ মন্দিৰৰ পৰা সদ্য প্ৰসূতা যোগমায়াক লৈ দোৱাবাৰ একে দুৰ্য্যোগৰ মাজে ঘূৰি আহি পুনৰ বসুদেৱ কংসৰ কাৰাগাৰ পোৱাৰ পাচত কেচুৱাৰ কান্দোনত প্ৰহৰীবিলাকে চক্ খাই চকু মোহাৰি মুঠালৈকে কি সেই নিসাৰ নিস্তব্ধতা!⸺কি মোহাচ্ছন্ন মায়াৰ কুহেলিক৷!⸺এইবিলাক ঘটনাত সৰ্ব্বসাধাৰণ চলি থকা