পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৬১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
তৃতীয় পৰ্ণ

গদৰ্ভৰ কণ্ঠেৰে যি চিঞৰ ধৰিব লাগিছে, তাৰ হাই উৰুমিত প্ৰাণৰ বীণাৰ ধ্বনি নুশুনা হৈ পৰিছে!

 কোৱাঁ, মা, এই সংসাৰখনিকে বেটু এটিত লৈ চালে সেয়ে মথুৰাৰ হাট যেন নেলাগে নে? হয়, হয়, সেয়ে মথুৰাৰ হাট!⸺তাৰ কৰ্ম্মেৰ অকৰ্ম্মেৰে, তাৰ ধৰ্ম্মেৰে অধৰ্ম্মেৰে, তাৰ ঐশ্বৰ্য্যেৰে অনৈশ্বৰ্য্যেৰে, তাৰ জ্ঞানেৰে, তাৰ অজ্ঞানেৰে, তাৰ হৰষেৰে বিষাদেৰে মনে সামৰিব পৰাকৈ ফুটি উঠা এয়ে এই সংসাৰৰ এখনি সৰু ছবি। এই মথুৰা- হাটতে বেচা কিনা কৈ নিজৰ জীবিকা আৰ্জ্জি ইহ জীৱনত প্ৰতিপত্তি লাভ কৰি সংসাৰৰ পাৰলৈকে স্বচ্ছন্দে যাব পাৰি আৰু হৰিৰ স্মৃতিৰ মাজে হৰিক দেখি জীৱনৰ অন্তত জীৱৰ পৰমা গতি লাভ কৰিব পাৰি। এইয়েই সেই “হৰিভক্তি ৰত্নেৰে” মথুৰাৰ তথা “ভাৰস্তৰ হাট,” যাৰ কথা মহাপুৰুষ শঙ্কৰদেৱে এদিনা শুৱলা সুৰেৰে গাই গৈছিল,⸺“বেসায়ো ভাৰস্তে হাট আউৰ বেলি নাটে। চলিতে নিকট ভয়ো ভৰা দিয়া ঝাটে। ভাৰত হাটত আছে অনেক দোকানি। নিচিনি কিনিলে পুনু মিলিবে বিঘিনি॥ যাতে তাতে নথাকয় হৰিভক্তি ৰত্ন। মহন্ত দোকানি ৰাখে কৰি মহা যত্ন॥ সাধু দোকানিৰ সঙ্গে কৰিয়া যতন। যাৱে বেলি তাহে, লেহু নামৰ ৰতন।”⸺বুজিছোঁ, ইয়াকেই বিষ্ণু পুৰাণে ইঙ্গিত কৰিছে⸺“মথুৰায়াং হৰিং দৃষ্ট। প্ৰাপ্নোতি পৰমাং গতিং”⸺ মথুৰাত হৰিক দেখি জীৱই পৰমা গতি লাভ কৰে। মথুৰাৰ