পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আগ কথা

 আজি কেবা বছৰো হ’ল, — লুইতৰ শুকান পাৰত মাতৃ শৰীৰৰ শেষ স্মৃতি ছাই কৰি উঠি আহিছিলোঁ পুৱায় নে নুপুৱায় এনে পুৱাতে। পূৰ্ণতাৰ মাজত ৰিক্ত হুতাহৰ দৰে মাতৃহীন সন্তান মই কাৰ কোলা বিচাৰি ঘৰলৈ আহিছোঁ! সেমেকা চকু দুটি মচি বাটৰ চতীয়ন। এজুপিৰ মাজে আকাশলৈ চকু দিলোঁ৷— বা লাগি তাৰ সাত পহীয়া পাত এখিলি ডালৰ মাজেদি শূণ্যৰ কোলাত লৰি উঠিল,— মই দেখিলোঁ মাতৃৰ কোলাত জ্বলি থকা পাতখিলিয়ে মাতৃহীনলৈ দিয়া ইঙ্গিত,— “নাই, নাই, মাতৃ তোৰ নাই!”— পুৱাৰ পোহৰত গাৱঁৰ মাজ পাই দেখিলোঁ, নিজ নিজ সন্তান কোলাত লৈ কেবা গৰাকীও মাতৃ মূৰতি চকুৰ আগে গুচি গ’ল। কেবাটিও “মা, মা,” ধ্বনি কাণত বাজিল!- মই মা বুলিম কাক? মোৰ মাক যে ছাই কৰি থৈ আহিলোঁ!— প্ৰাণ কান্দি উঠিল৷ আৰু নোৱাৰিলোঁ। তাৰ পাচত ঔৰ্দ্ধ- দেহিক হৈ গল। ঋষিৰ মন্ত্ৰশক্তিত প্ৰাণ-শক্তি জাগি উঠিল। চকুৰ কুঁৱলী মুকলি হ'ল। মা মোৰ আহি চকুপানী মচি দিলেহি। ইমান দিন মা আছিল শৰীৰত, আজি মা মোৰ অশৰীৰী। কিছুদিনৰ পাচত সেই ফালে ফুৰিবলৈ গৈ সেই চতীয়নাজুপিৰ সেই পাতখিলিলৈকে চকু পৰিল,— সেই দিনাও সেই দৰেই সি লৰিছিল! — আজি বুজিলোঁ – পাত খিলিয়ে কব খুজিছিল, – 'আছে, আছে, মা তোৰ আছে।'— মা তাৰ আছে বুলিয়েই সি এনে দৰে নাচি