সকলৰ এগৰাকী সম্ৰাটে কংসৰ দৰে পিতাকৰ প্ৰতি আচৰণ কৰি নিজৰ কুলটিৰ সৰ্ব্বনাশ কৰিলে; এনেদৰে ফুলে জালে উঠি অহা কুল এটিৰ নাম নাইকিয়া হ’ল! কালে কালে ঘট৷ ঘটনাৱলীৰ ছেগে ছেগে মথুৰাত এনে এটি নীতিৰ ধাৰা চকুত লাগি যোৱাকৈ নতুন ধৰণেৰে অভিনীত হবই লাগিছে। ইতিহাসৰ নীতিৰ ধাৰাৰ গৰিলা লৈয়েই শাস্ত্ৰৰ শাসন বিধান। শাস্ত্ৰই স্তুপাকাৰ ইতিহাসৰ পৰা নীতিৰ তাৎপৰ্য্য টানি আনি ওৰে জীৱনত ইতিহাস পঢ়ি শেষ কৰি কামত লগাব নোৱাৰা দুদিনীয়৷ জীৱক বিপথলৈ যাবলৈ নিদি পথে পথে আগবঢ়াবৰ অভিপ্ৰায়ে একো একোটি বিধান কৰি থৈছে। তুমি কিবা এনে অন্তৰ্নিহিত নীতিৰ কথা কব খুজিছা নে কি? বুজিছোঁ মই,⸺তুমি কব খুজিছা ভোগ আৰু ত্যাগৰ কথা। ত্যাগেৰে ভোগ নকৰি ভোগলৈ ভোগ মথিলে বিহ উঠে। সেই দেখি ত্যাগেৰে কৰা ভোগ নুবুলি মথুৰা হাট বুলিছা।⸺আকৌ, আকৌ তোমাৰ মুখখনি সেই পাতখিলিৰ দৰে লৰাই দিলা⸺‘নহয় নহয়!’
নহয়? নহয়েই তো! এতিয়াহে বুজিছোঁ। তেতিয়া হলে তুমি মথুৰাহাট নুবুলি মথুৰা বুলিলাহেতেন। মথুৰাত হাট কথাটি লগাই দি তুমি অইন কিবা হে কব খুজিছা। শব্দৰ অকল মুখ্যাৰ্থত তোমাৰ অৰ্থটি নাই যেতিয়া, তাৰ ইঙ্গিতত প্ৰকাশ পোৱা অন্য কোনো কথাত তাৰ লক্ষণ।