পুৰী দ্বাৰবৰ্তী চৈব সপ্তৈতা মোক্ষদায়িকাঃ॥” বৰাহ পুৰাণত পৃথিবীয়ে বৰাহক প্ৰশ্ন কৰিছে,—পুস্কৰ, নৈমিষ আৰু বাৰানসীতকৈও মথুৰাক ইমান প্ৰশংসা কৰে কিয়? তাৰ উত্তৰত বৰাহে কলে,—মথুৰা ৰম্যা, মথুৰা প্ৰশস্তা, মথুৰা মোৰ জন্মভূমি, মথুৰাতকৈ প্ৰিয়তম ক্ষেত্ৰ আৰু মোৰ নাই,— মাথুৰং মম মণ্ডলং”। প্ৰয়াগ, পুস্কৰ, বাৰাণসী আদি তীৰ্থত পুণ্যফললৈ ঠায়ে ঠায়ে মাহেক বা বছেৰেক ৰব লাগে। মথুৰাৰ পুণ্যফল ক্ষণে ক্ষণে দিনে দিনে ধাৰ নিছিগা নিজৰাৰ দৰে জৰি পৰিছে। ব্ৰজ মণ্ডলৰ চৌৰাশী যোজনৰ অন্তৰ্গত ঠাইত মথুৰাৰ মনোৰম গুহ্যতীৰ্থ কেবাখনিও আছে। এই তীৰ্থবিলাকত স্নান দান কৰি মানৱ মাত্ৰেই সদগতি লাভ কৰিব পাৰে।”—এনে সুন্দৰ, এনে পবিত্ৰ এই মথুৰাপুৰী!
মথুৰাৰ পৰা প্ৰায় আধা বেলাৰ বাটত যমুনাৰ ইপাৰে এখন ইমুৰ সিমুৰ নেদেখা প্ৰকাণ্ড গো-চাৰ। তাতে গোপসকলৰ বসতি। কৃষ্ণৰ বাল্যকালত মথুৰাত যিখনি হাট বহাৰ কথা শুনা যায়, তালৈ সেই গো-চাৰৰ গোপিনীসকলে দধি, দুগ্ধ, ক্ষীৰ, লৱণু আদি গাখীৰৰ বিবিধ বিকাৰ শিৰত লৈ লৈ যমুনা নাৱেৰে পাৰ হৈ বেচা কিনা কৰিবলৈ আহিছিল। কানায়ে চাগৈ কত দিন শিশু সুলভ চাঞ্চল্যেৰে গোপিনী সকলক নাৱেৰে যমুনা পাৰ কৰি দিছিল। এই যমুনা পাৰৰ কাহিনী লৈয়েই কত ৰঙ্গ ৰহস্যৰ কবিতাই বৈষ্ণৱ সাহিত্য ম-মৱাব লাগিছে;— পঢ়ি পঢ়ি মন প্ৰাণ শীতল লাগি মুকলি