পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৫৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
তৃতীয় পৰ্ণ

জিলিকি থক৷ মথুৰাৰ দেৱতা কেশৱ দেৱ আজি সেই মন্দিৰৰে শ্মশান-শাল যেন এটি জীৰ্ণ শীৰ্ণ ঘৰৰ মাজত সোমাই দিন গণিছে। এইখনিয়েই আজিৰ যমুনা তীৰৰ মথুৰা।

 শ্ৰীকৃষ্ণৰ জনমৰ ঘটনাটি লৈয়েই ভাৰতত মথুৰাৰ নাম মুখে মুখে। ইয়াৰ এনে এটি টিলা, এনে এটি যমুনাৰ বিতোপন ঘাট নাই য’ত শ্ৰীকৃষ্ণৰ মধুৰ স্মৃতি নাই। ভক্তৰ পাণৰ স্পৰ্শ পালে এই স্মৃতি মূৰ্ত্তিমান হৈ উঠে। যি স্থানে অকল তাৰ সৌন্দৰ্য্যেৰে নহয়, মাধুৰ্য্যেৰে নহয়, অতীতৰ সংসৰ্গজ চিন্তাৰ স্মৃতিৰে ভগবানৰ চিন্তা জাগ্ৰত কৰি তোলে তাতকৈ আৰু অতি পুণ্যৰ পবিত্ৰস্থান কি হব পাৰে? স্থানৰ যে মাহাত্ম্য নাই তাক স্বীকাৰ কৰিব নোৱাৰি। সাগৰৰ তীৰত বা হিমালয়ৰ মহিমাময় দৃশ্য দেখি মনত সহজে যি ভাবৰ উদয় হয় জঘন্য স্থানৰ সংকীৰ্ণতাত সেই ভাব নহে। মথুৰা এনেয়ে মনোময়।⸺হাত যেন সুঁতিৰে ডিঙ্গিটি সাবটি ধৰি অনিমেষ নয়নেৰে আজি কত কাল প্ৰেমময়ী যমুনাই মথুৰাৰ মুখখনি চাবই লাগিছে, তেও যে হেঁপাহ নপলায়; যেনিয়ে চোৱা যায় তেনিয়ে সুন্দৰ; তাতে বনে বনে তীৰ্থে তীৰ্থে কৃষ্ণ লীলাৰ সুমধুৰ স্মৃতি! সেইহে তীৰ্থৰ মাহাত্ম্য প্ৰসঙ্গত মথুৰাৰ প্ৰশংসাৰে কেবাখনিও পুৰাণৰ মুখ ভৰি পৰিছে। তন্ত্ৰই কৈছে⸺কেশৱৰ সুদৰ্শন চক্ৰই ধাৰণ কৰি থকা মধুৰ মথুৰাপুৰী সাতখন মোক্ষদায়িকা পুৰীৰ এখনি⸺“অযোধ্যা মথুৰা মায়া কাশী কাঞ্চি অবন্তিকা।