হোৱাঁ। যেতিয়াই দেৱতাৰ বিৰুদ্ধাচৰণ কৰিবা তেতিয়াই
এই শূল অন্তৰ্দ্ধান, হব আৰু তোমাৰ অবিনাশী বংশৰো
বিনাশ ঘটিব।” ত্ৰিভুবনৰ মঙ্গললৈ প্ৰয়োগ নকৰি নিজৰ
ভোগ আৰু স্বেচ্ছাচাৰিতা চৰিতাৰ্থ কৰিবৰ নিমিত্তে মধুদৈত্যৰ
পুত্ৰ লৱনে এই দেৱদত্ত শূল নিৰঙ্কুশ ভাবে ব্যৱহাৰ কৰিবলৈ
ধৰিলে। ঋষিমণ্ডলীৰ ভয় ওপজাত তপস্যাৰ বিঘিনি
ঘটিল। ত্ৰিভুবনৰ আতঙ্ক উঠিল। ক্ষত্ৰিয় শক্তিৰ প্ৰতিমূৰ্ত্তি
মান্ধাতাক ভস্মসাৎ কৰি এক ভোগৰ হাট পাতি লৱনে
মধুদৈত্যৰ ‘মধুপুৰ’ ‘মধুবন’ত পৰিণত কৰিলে। বৰ্ণাশ্ৰম
ধৰ্ম্মৰ পালন কৰোঁতা ৰজা ৰামচন্দ্ৰৰ কাণত এই বাৰ্ত্তা
পৰা মাত্ৰকে নিজৰ কণিষ্ঠ ভ্ৰাতা শত্ৰুঘ্নক অভিষিক্ত কৰাই
লৱন দৈত্যক সমূলে বিনাশ কৰি সেই ৰাজ্যত ৰজা হবলৈ
পঠালে। বীৰ শত্ৰুঘ্নই পুৰীৰ বাহিৰতে লৱনক আগচি ধৰি
শূল আনিবলৈ নৌ পাওঁতেই মধুকৈটভক মৰা দিব্য বাণেৰে
লৱনৰ অবধ্য বক্ষ বিদীৰ্ণ কৰিলে। যোগী ঋষিসকলৰ প্ৰশংসা আৰু জয়ধ্বনিৰ লগে লগে দেৱতাৰ পুষ্পবৃষ্টিত
আকৌ মুৰ তুলি আহিল কালিন্দীকূলৰ ‘অৰ্দ্ধচন্দ্ৰাকৃতি মধুপুৰ’।
ধনে জনে, ঐশ্বৰ্য সম্পদে, এই মধুপুৰ সঁচাসঁচিকৈ মধুপুৰী হৈ
পৰিল। শিৱৰ শূলৰ বীৰ্যেৰে স্থাপিত এই মধুপুৰীয়ে
শৈৱমন্ত্ৰৰ উদাত্ত সুৰেৰে আকাশ প্ৰতিধ্বনিত কৰি তুলিলে।
লগে লগে সূৰ্য্যবংশীয় ৰজাৰ প্ৰভাৱত সূৰ্য্য দেৱতাৰ মন্ত্ৰও
ঝঙ্কাৰি উঠিল।
পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৫১
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
তৃতীয় পৰ্ণ