পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৪৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
তৃতীয় পৰ্ণ

যেতিয়াই হিয়া ভৰি পৰে, তেতিয়া ভক্তৰ মুখত ফুটিবলৈ ধৰে—“ৰাম—ৰাম”, কেৱলে ‘ৰাম’——আৰু যে কথা নেথাকে। তুমি তোমাৰ আনন্দ অনুভূতিতেই ৰাতি দিন মজি আছা। তুমি আনন্দেৰে ভৰপূৰ,— তুমি নিমাত! নিমাতী কন্যাৰ দৰে তেনে তুমি নিমাতেই থাকাঁ। মই তোমাৰ অকণমানি লৰাটিৰ দৰে ছন্দ নথকা কথাৰ লানিৰে তোমাৰ মুখলৈ চাই সুধি যাম, সুধি যাম; তুমি মাথোন তাঁত বৈ থকা মাকৰ নিচিনাকৈ মাজে মাজে চিকোণ হাঁহিটিৰে হাঁ–না একেষাৰি কৈ যাবা।

 মাক কোমলতাৰ প্ৰতিমূৰ্ত্তি যদিও, সন্তানে জানোচা নকব লগীয়া কয়, নকৰিব লগীয়া কৰে, এই আশঙ্কাত কঠোৰ শাসনৰ কঠিন মূৰ্ত্তিৰ ভাও দিয়াৰ প্ৰয়োজন হৈ পৰে। এই অভিনয়েই যদি অনবৰত চলি থাকিব লগীয়া হয়, তেনে ঘৰ খনি এক নীৰস আতঙ্কই নিৰানন্দ কৰি তুলিব। জননীৰ প্ৰেমে কিমান পৰ এই ভাও ধৰি থাকিব পাৰে? মাজে মাজে কঠোৰতাৰ মুখা সুলকি পৰে, প্ৰেমময়ী মাতৃয়ে আচল ৰূপটি লৈ সন্তানৰ হাতত ধৰা দিবলৈ নামি আহে। ল’ৰাই ধূলি বালিৰে ভাত আঞ্জা ৰান্ধি এক প্ৰকাণ্ড ভোজ পাতি মাকক মাতিছে। মাকে হাঁহি হাঁহি ভোজৰ পাতত বহি লৰাটিক কব লাগিছে—‘তোৰ কচুপাতৰ আঞ্জাখনিত বাবৰি ফুলৰ যি হালধি দিছিলি, অলপমান বেচি হল যেন দেখি,—তেও বুলি খাবলৈ ইমান ভাল লাগিছে, পাই’;—