তৃতীয় পৰ্ণ
আজি এই সুন্দৰ প্ৰভাতৰ সুৱলা কাকলিৰ সুৰে সুৰে, লৱনু লতিকাৰ লাচে লাচে, সোণালী জেউতিৰে জিলিকি জিলিকি আহিছ৷ তুমি— মাতৃ! আহাঁ, তোমাৰ ললিত ভৈৰবীৰ সুৰ লহৰিৰে আকৌ এবাৰ মোৰ কুঞ্জ-কুটীৰ তিৰ- বিৰ কৰি তোলাঁ৷ তোমাৰ প্ৰাণৰ বাতৰি প্ৰাণলৈ আনিছা,- কোৱঁ।, কি কব খুজিছা। তোমাৰ মাজতে তুমি লুকাই আছ৷ যেতিয়া, হোৱাঁ—এবাৰ তিনিও লোকৰ সুষম।-সুন্দৰেৰে প্ৰকাশ হোৱাঁ৷ তোমাৰ ৰূপটি, তোমাৰ সুৰটি যেতিয৷ ইমান সুন্দৰ, তোমাৰ বাতৰিটি চাগৈ সখী চিত্ৰলেখা তকৈও কিমান সুন্দৰ! কৈ যোৱাঁ, মই প্ৰাণ ভৰি শুনি থাকোঁ৷ কথ৷ একেষাৰি কোৱাঁ৷ নিমাতে আছ৷ কিয়?
বুজিছো, তোমাৰ অন্তৰ পৰিপূৰ্ণ। পূৰ্ণকুম্ভৰ দৰে তুমি নেবাজা। তোমাৰ কথাৰ অলঙ্কাৰে৷ নাই, জন্জননিও নাই, যুক্তি তৰ্কৰ বাচ্যাবাচ্যি নাই, কোলাহলে৷ নাই; তুমি ঋষিৰ সুভাষিতৰ দৰে সহজ –সৰল—সুন্দৰ! প্ৰাণত আনন্দৰ অনুভূতি নেজাগে মানে মুখত বাক্যৰ বিলাস, কাকৃতিৰ কাৰুণা ফুটি ফুটি পৰে। অনুভূতি জাগিলেই সেই বিলাস সেই কাৰুণ্য পুৱাৰ তৰাৰ দৰে উষাৰ আলোকত মিলি যায। ভক্তই নাম লয়,— “ৰাম পাৰ কৰাঁ ৰঘুনাথ সংসাৰ সাগৰে”। নাম লওঁতে লওঁতে নামৰ ৰতিৰ মাজে আনন্দৰ অনুভূতিৰে