পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৪৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
সপ্তপৰ্ণ

মনক জঁই পেলোৱাম। সেয়ে মোৰ শক্তিৰে নহয়, মোৰ কৰ্ত্তব্যজ্ঞানেৰে নহয়, বীৰ শত্ৰুঘ্নৰ নামৰ মন্ত্ৰেৰে।

 অতিথি! জাহ্নবীৰ দৰে তোমাৰ অৰূপৰ ৰূপ মাধুৰীত অকল সৌন্দৰ্য্যই নহয়, লালিত্যই নহয়, চিৰপবিত্ৰতাৰ পোহৰ এটি জিলিকি পৰিছে। তুমি কোনোবা তপোবনৰ তাপসী, কোনোবা “আশ্ৰমৰ সন্ন্যাসিনী। তোমাৰ নাম-ধাম সুধিব নেপায়⸺নোসোধোঁ।⸺নহয়, নহয়, তোমাক তাপসী বুলিলোঁ, সন্ন্যাসিনী বুলিলোঁ⸺তুমি যেন মোৰ পৰা আঁতৰ, আঁতৰ; আঁতৰি নেযাবা, মোৰ প্ৰাণৰ অতিথি, ৰ’বা ৰ’বা। তুমি আঁতৰ নোহোৱা, তুমি মোৰ অতি প্ৰিয়,⸺আপোনাৰো আপোন⸺অতি আপোন! শুনা শুনা, অতিথি! তুমি, তুমি মোৰ⸺মা! তোমাৰ যৌবনৰ মাধুৰ্য্যত মোৰ জনম, তোমাৰে মোৰে পোন পৰিচয়, তুমি আদিত কি আছিলা, তোমাৰ নাম-ধাম কি⸺জানিবৰ মোৰ প্ৰয়োজন নাই। তোমাক মই পাইছোঁ⸺কেৱলে পাইছোঁ,⸺নিতে নিতে, নিমিষে নিমিষে,⸺সেই পোৱাৰ অন্ত নাই! তোমাৰ প্ৰাণ ভৰা চুমাৰ পৰশত মোৰ মুখৰ হাঁহিটি ফুটাই তুলিলা। তোমাৰ সুকোমল হাতৰ শীতল বুলনিত চকুৰ পানী মোৰ মচি পেলালা। মোৰ তুমি নকৰিছা কি? তুমি তোমাৰ অকণমানি শৰীৰটিত বিশ্ব জননীৰ অপাৰ প্ৰেম লুকাই থৈ তাৰেই মোক আবৰি ৰাখিছা। তোমাৰ মউ বৰষা মুখৰ হাঁহিটিত সেই প্ৰেম কিমান লুকাবা? নোৱাৰিবা নোৱাৰিবা।