পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
দ্বিতীয় পৰ্ণ

ভাল। ভিতৰত যদি সি প্ৰেমৰ পৰশ নেপায় সত্যৰ জিলিকনি নেদেখে, তেনে নামৰ যি চিনাকি তাক বাহিৰে ভিতৰে তাচ্ছীল্য কৰক,⸺তাত যুক্তি আছে। কিন্তু ভিতৰ খনি নোচোৱাকৈ নামৰ চিনাকি লৈয়েই যদি সি দুৱাৰদলিৰ পৰা পুলুকা মাৰে, তেনে তাৰ মান দুৰ্ভগীয়া কোন? মনৰ সমূলি সঁজাত নাই। আজি তাক নাম-ধামৰ চিনাকি পালেও চিনাকি নিদিওঁ। একেবাৰেই ভিতৰলৈ লৈ যাম।

 মহৰ্ষি বাল্মীকিৰ তপোবনৰ নেপথ্যত সুৱদি সুৰত শিশুৰ স্থললিত কণ্ঠ ধ্বনিৰ জাতি লয়েৰে আদি কাব্য ৰামায়ণৰ ঝঙ্কাৰ উঠিছে। অমৰাপুৰীৰ অমিয়া সুৰৰ লালিত্যেৰে যেন জৰি জৰি পৰিছে। গধূলিৰ অতিথি শত্ৰুঘ্ন সেই সুৰ শুনি পুলকত ৰোমাঞ্চিত। মনত ‘মোৰ’ কৰিবলৈ যোৱাৰ হাউচ,⸺শাস্তিৰে শুনিবলৈ নিদিয়ে। কাৰ এই কণ্ঠস্বৰ? সীতা দেবীৰ সন্তানৰ? মোৰ, মোৰ আপোন ভতিজাৰ এই সুৰ?⸺তেতিয়াও শত্ৰুঘ্নই লৱকুশক দেখা নাছিল। কোনে গায় বুলি ঋষিৰ চৰণত ধৰি যেন মনে সুধিব! মনৰ ইমান অমুৰি, সি গোট হিয়া খনি আকুল কৰি তুলিলে। শত্ৰুঘ্ন বীৰ। বীৰৰ হিয়াৰ কৰ্ত্তব্যৰ ভাব জাগি উঠিল। আশ্ৰমৰ বিভূতিৰ বিষয়ে ঋষিক প্ৰশ্ন?⸺ঋষিয়ে নিজ মনে নিজে নকয় মানে সেই প্ৰশ্ন উঠিব নোৱাৰে; সি শিষ্টাচাৰ বিৰুদ্ধ। মন জাগি শাসনত জঁই পৰি গল। ময়ো আজি মোৰ