পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
সপ্তপৰ্ণ

 বিজ্ঞানৰ তেনে ধৰণৰ প্ৰশ্ন কৰিয়েই বা তোমাক বিচাৰোঁ কেনেকৈ? তোমাৰ শব্দ-তৰঙ্গত তুমি যে নাই; তুমি আছা অন্তৰৰো অন্তৰত। তুমি ইন্দ্ৰিয়গ্ৰাহ্য বস্তু নহয় যে বিজ্ঞানে তোমাক যন্ত্ৰ-পাতিৰে জুখি-মাখি গণনাৰে গণি পিতি তোমাৰ আচল স্বৰূপটি নিৰ্ণয় কৰিব। সৌন্দৰ্য্য আৰু মাধুৰ্য্যই দেখোন বিশ্লেষণৰ নামকে নুশুনে,⸺পৰশ পালেই আদৰ মালতীৰ দৰে জঁই পৰে!⸺পাণ্ডিত্যৰ অভিমানতে বা ভাৰসা কি? সি নিজৰ পাণ্ডিত্য প্ৰকাশ নকৰি তোমাক প্ৰকাশ কৰিব কি বাবে? তেনে খহনীয়া পাৰত নাও মোৰ নেবান্ধো। তোমাৰ সৌন্দৰ্য্যৰ তোমাৰ মাধুৰ্য্যৰ যি পালোঁ, যি পাইছোঁ,⸺ সেয়ে যেন নহয়। আৰু আছে,⸺আৰু, আৰু আছে, কিমান আছে কব নোৱাৰোঁ। তোমাৰ আভাই পলকে পলকে মোৰ হিয়াৰ হেঁপাহত পুলকৰ প্ৰেৰণা দিছে। এই জনমটোৰে চালেও যেন নহয়,⸺জনমে জনমে তোমাক যেন চায়েই থাকিম! মোৰ প্ৰাণত তোমাৰ প্ৰেমৰ পৰশ পাবই লাগিছোঁ,⸺তেও যেন তুমি ইপাৰ সিপাৰ নেদেখা, কথা কৈ কৈও ফুটাব নোৱাৰা কিবা এক⸺অসীম, কিবা এক অব্যক্ত!

 ইতিহাস সাৰ্থক তেতিয়াই, যেতিয়াই সি তাৰ বিচিত্ৰ ঘটনাৱলীৰ বৰ্ণনাৰে অভেদৰ প্ৰজ্ঞালৈ বলাই নিয়ে; বিজ্ঞানৰ সাৰ্থকতা তেতিয়াই, যেতিয়া সি জগতৰ নিয়মৰ মাজেদি নিখিল বিশ্বত এক হৈ থকা চিৰ সত্যৰ স্নিগ্ধ জ্যোতিলৈ