পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৪১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
দ্বিতীয় পৰ্ণ

গাৱঁত থাকে কি কৰি খায় তাৰ সন্ধান লাগে; কিন্তু এই সন্ধানেই আচল মানুহটি নিচিনায়। মানুহ চিনায় প্ৰাণে। মোক লাগে তোমাৰ প্ৰাণৰ চিনাকি⸺অন্তৰৰ প্ৰেম। তোমাক উলিয়াবৰ প্ৰয়োজনো মোৰ নাই। তুমি নিজে নিজ গুণেৰে মোৰ প্ৰাণলৈ লৰি আহিছা। অসমৰ গাৱেঁ ভূঁয়ে, নগৰে চহৰে, হাবিয়ে বননিয়ে সুৰ হৈ কেতেকীৰ দৰে বিনাই ফুৰিছা। তোমাৰ কথাই তোমাৰ সঙ্গতিয়ে যদি প্ৰাণত অপাৰ প্ৰেমৰ পৰিচয় দিব পাৰে⸺তোমাৰ সকলো চিনাকি আপোনাআপুনি প্ৰেমময় হৈ পৰিব। প্ৰেমিক প্ৰেমিকাৰ যিবা বাটৰ দুবৰি পদূলিৰ ধূলি সিও যে প্ৰেমৰ প্ৰভাত সুন্দৰ হয়। নাম ধামে তোমাক প্ৰেমময়ী কৰিব নোৱাৰে। নামেৰে প্ৰেমময়ী কিমান আছে; ইফালে শিলত মুৰ আফালি মৰিলেও প্ৰেমৰ কণিকা এটি জৰি নপৰে। তোমাৰ কথাত যদি সত্য আছে, সেই সত্য স্বয়ম্ভূ– স্বয়ং প্ৰকাশ! তাক সাজি উলিয়াবলৈ গলেই সি সজা–কথা হয়। সত্য সাজিব নোৱাৰি, আলম পালেই নিজে নিজে সাজি আহে। তাক প্ৰকাশ কৰাতকৈ প্ৰকাশ হোৱা বুলিলেহে আচল সত্যটি প্ৰকাশ হয়। যি ৰচনাত সত্যৰ প্ৰকাশ পায় সেই ৰচনাই সাৰ্থক হৈ পৰে। ৰচনা সাৰ্থক কৰা তত্ত্বটি হে প্ৰকৃততে আমাৰ সন্ধানৰ শেষ লক্ষ্য। ৰচনাৰ তত্ত্ব ৰচনাৰ অন্তৰত আছে, নাম-ধামত নাই। অতিথি! তুমি যে তোমাৰ মাজতে লুকাই আছা। মই তোমাক তোমাৰ ৰচনাতে বিচাৰিম।