প্ৰাণৰ লুইত ব’ব লাগিছে৷ বিতোপন লুইতৰ বিশাল
বুকুৱে চকু দুটি মোৰ টানি নিছে, চকু নভঙ্গাকৈ চাইয়েই
আছোঁ৷ অতি জীৰিলি বেশেৰে পাচ ফালৰ পৰা পুৰাণ
আহি কাণে কাণে ফুচ্ফুুচাবলৈ ধৰিলে,⸺“অমোঘাৰ গৰ্ভজাত
শান্ত্বন-কুল-নন্দন এইয়ে সেই মহাবাহু ব্ৰহ্মপুত্ৰ!⸺বহু যুগ
ধৰি ব্ৰহ্মকুণ্ডক প্ৰাচ্যৰ চেনেহী পাহাৰে আবৰি ৰাখিছিল,
পাপমুক্ত পৰশুৰামে মহিমাত মুগ্ধ হৈ পৰশু কুঠাৰেৰে পাৰ
কাটি কামৰূপৰ মাজে বোৱাই দিয়৷ ব্ৰহ্মকুণ্ডৰ এয়ে সেই
পবিত্ৰ ধাৰা!⸺এবাৰ প্ৰাণ ভৰি নমস্কাৰ কৰাঁ,⸺অশোকাষ্টমীৰ
দিন৷ ভাৰতৰ সকলে৷ তীৰ্থ ইয়ালৈকে এবাৰ আহি যায়।”
দেশান্ত্ৰৰ সাজ পাৰেৰে ফিট্ফাট হৈ চকুত বিত্চকু এযুৰি
লগাই ইতিহাসে আহি কাণে কাণে কলেহি⸺
“ৰ’বা,⸺
হিমালয়ৰ কোলাৰ মানস সৰোবৰৰ দাঁতিৰ কেবাটিও হিমধাৰা
গলি গলি চান্পু নামে এছোৱ৷ত জনাজাত হৈ ব্ৰহ্মকুণ্ডই দি
অইন ঢালে বৈ গৈছিল। কালক্ৰমত কেবাটি সুতিৰে৷
পোহ পাই এই সোঁত৷ বিপুল আয়তনৰ হৈ অসম উপত্যকাৰ
মাজেদি বৈ আহি গঙ্গা-সাগৰ সঙ্গমত পৰিছেগৈ। এয়ে
সেই ব্ৰহ্মপুত্ৰ নদ। খৃষ্টপূৰ্ব্ব অমুক শতাব্দীত অমুক পৰিব্ৰাজকৰ
ভ্ৰমণ লিপিত এই নদৰ নাম উল্লেখ আছে। তাৰ সম⸺
সাময়িক অমুক শিলালিপিতে৷ এই নদৰ নাম পোৱ৷ যায়;
গতিকে ব্ৰহ্মপুত্ৰ বৈ অহা ইমান শ বছৰৰ কোনো মতেই
কম হব নোৱাৰে।”⸺তেনেতে বৰ্তমান ব্যস্ত জগতৰ সাজ
পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৩৭
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
দ্বিতীয় পৰ্ণ