পৃষ্ঠা:সপ্তপৰ্ণ.djvu/৩৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
সপ্তপৰ্ণ

উশাহ লৈ অইন কথালৈ মন মেলিলোঁ। ইয়াৰ পাচত⸺ ইয়াৰ পাচত আৰু কি?⸺ইয়াৰ পাচত নো লাগে আৰু কি? আৰু নাই, ইমানতে শেষ।⸺তেনে খোলা কথা,⸺এনেদৰে শেষ হৈ যোৱা কথা, এনে বিচাৰৰ বিলাস মোক নেলাগে।

 বেদত তোমাৰ ৰাধা আৰু কানাইৰ নাম নেথাকিব পাৰে; ভাগৱততো এই নাম দুটি অবিকল এনেদৰে দেখা দেখিকৈ নথকাৰে কথা, বা নায়েই। বেদ আৰু ভাগৱতত কি আছে কি নাই তাৰ সবিশেষ জ্ঞান নেথাকিলেও অন্ততঃ এই খিনি হলে বুকু ডাঠকৈ কব পাৰোঁ⸺বেদ আৰু ভগৱত “শব্দকল্পদ্ৰুম”ৰ অত্যন্ত বৃহৎ তাঙ্গৰণ নহয় যে তাত সকলো যুগৰ সকলো ঠাইৰ সকলো শব্দই অবিকল থাকিব। আম ৰ মনে ঢুকি নোপোৱা কালৰে পৰা যদি ব্ৰহ্মপুত্ৰ নে খন অসমৰ বুকুৱেদি বৈয়েই আছে, তেহেলৈ তাৰ ‘লুইত’ নামটি বেদ বা পুৰাণত থাকিলেই বা নেথাকিল। এনে ধৰণৰ কথাৰ ধাৰেৰে মই তোমাক অৰ্ব্বাচীন বোলোঁ কেনেকৈ?

 তাহানি বোলে কোনোবা এজন কবিয়ে কুলিৰ মাত শুনি মাততে পমি গ’ল। কুলি চৰাইটি কেনে, দেখাৰ ভাগ্য তেওঁৰ আৰু ঘটি নুঠিল। তেওঁৰ সম্বন্ধি অশৰীৰী কুলিৰ মাতটি ওৰে জীৱনলৈ ৰহস্যময় হৈয়েই থাকিল। প্ৰাণৰ অতিথি! তুমিও আজি এই অকবিৰ প্ৰাণত ৰহস্যময়ী হৈয়েই থাকাঁ, জানোচা কবিৰ দৰে তাতে কিবা আনন্দ তাতে কিবা সুখ পাওঁয়েই।