পৰা কাউৰীয়ে নি আমলখি এটি মথুৰাৰ হাটত নুলিয়াই মানে আমলখিৰ আৰু হাট দৰ্শন নঘটিছিল। সেই কালত মথুৰাৰ আশে পাশে কতো আমলখিৰ ব্যৱহাৰ নহৈছিল। এনে এটি ঐতিহাসিক তথ্যকে কবলৈ তোমাৰ এই ধেমেলীয়া গীত নহয় নে”? সত্য সন্ধানৰ নামত এনেবোৰ অবান্তৰ প্ৰশ্নৰ ‘জেৰা’ই পোৱাত হেৰাই যোৱাৰ ভয়ত তুমি প্ৰাণ লৈ মোৰ প্ৰাণলৈ ভিৰাই লৰি আহিছা।
তুমি, তুমি নহয়, তুমি নহয়; তুমি অতি উদাৰ, বৰ মধুৰ; তোমালৈ যি অশ্ৰদ্ধা তোমালৈ যি অনাদৰ সি মোক যেন সুধিছে, এইখন কাৰ দেশ? ইয়াত ঋষিৰ শাসন নচলে নে কি? কাক কেনে সোধপোছ কৰি কি সৎকাৰ কৰিব লাগে নেজানে?⸺সমিধান দিবলৈ মোৰ একো নাই। মোৰ ব্যৱহাৰতো যে এনে বিজাতীয় আদব-কায়দাৰ প্ৰভাৱ পৰা নাই তাক মই কেনেকৈ কওঁ। মোৰো এদিন তোমাক এনেদৰে সুধি চাবৰে মন গৈছিল। এনে মন যোৱাও যে মনৰেই ধৰ্ম্ম। তুমি সিবিলাকক আশীৰ্ব্বাদ কৰাঁ। তোমাৰ শুভ ইচ্ছাৰ মাজেদি তোমাৰ আচল স্বৰূপটি প্ৰকাশ পাওক। প্ৰাণৰ অতিথি! প্ৰাণৰ দেৱত৷ বুলি নতশিৰে মই তোমাক আজি বৰি আনিছোঁ। মোক আশীৰ্ব্বাদ কৰাঁ⸺তোমাৰ আশীৰ্ব্বাদত এই আমন্ত্ৰণ সফল হওক।
শুনা, অতিথি! আজি তুমি মোৰ এতিথীয়া অতিথি নোহোৱা,⸺সকলো তিথিতে প্ৰাণত থিত দি তিথিৰ লেখ