লাৱনি বিৰতিৰ বোলেৰে মোলান! আজি তোমাৰ কি হ’ল? শৰীৰ-ভঙ্গিত যেন এক সঙ্কোচৰ আকুলতা ফুটি পৰিছে! ভয়ে ভয়ে যেন খোজ একোটি দিছা!⸺ভয়? তোমাৰ ভয় বা সঙ্কোচ কালৈ? ভয় নাই। এবাৰ তুমি তোমাৰ সৌম্য মূৰতিৰে মোৰ প্ৰাণৰ মাজত থিত্ দি প্ৰাণৰ কথা শুনি যোৱাঁ।
বুজিছোঁ⸺বুজিছোঁ। চৰুৰ কাণত লগা পচিমীয়া শিক্ষাৰ মোৰ নাওমান গোন্ধ, তাকে তুমি সহিব নোৱাৰি নাক কোঁচাব খুজিছ৷! তুমি ভাবিছা সেই শিক্ষাৰ যুক্তি তৰ্কই মোৰ মনত খাৰি বান্ধিছে; মই বা তোমাক কেনে ভাবে কি দৰে সোধপোছ কৰো,⸺এয়ে তোমাৰ আশঙ্কা। বুজিছোঁ, —তুমি চাগৈ অসমৰ চহৰে চহৰে গাৱেঁ গাৱেঁ সুৰ বিলাই ফুৰি ফুৰোঁতে মোৰ দৰে কোনোবাই পাই তোমাক দুৱাৰ- দলিৰ বাহিৰে থৈ জাউৰিয়ে জাউৰিয়ে এনেবোৰ প্ৰশ্ন কৰিছিল; “হাটলৈ যাবলৈ অহা ক’ৰবাৰ গৰখীয়া ল’ৰা ছোৱালীয়ে কাহানিবা মনৰ হাউচত গাই দিয়া বনগীতৰ দৰে উৰণীয়া গীত এটি তুমি নোহোৱানে?⸺তোমাক কৰবাত বিহুতলীত দেখা দেখা যেন লাগে,⸺বিহু মাৰিছিলা নে কি? যদি নোহোৱা, তুমি কি?⸺কোনে, কেতিয়া, কি উদ্দেশ্যে তোমাক ৰচনা কৰি কোন পুথিৰ কোলাত ঠাই দিছিল?⸺ তুমি গুটিত গজা নে, ডাল ধৰি ৰোৱা?⸺নাই পাবত গজা?” প্ৰশ্নৰ ধৰণ দেখি লাহেকৈ কাষৰি কাটি তুমি চাগৈ আগবাঢ়ি গৈ আৰু আগবঢ়া প্ৰশ্ন এজাউৰি পালা;⸺“তুমি এই ‘ৰাধা’