নিতে নিতে বিস্মৃতিৰ অতল জলধিত মাৰ যায়! শত বিপ্লৱৰ মাজত এই স্বাৰ্থময় সংসাৰৰ যি দেৱাসুৰ সংগ্ৰামৰ তুমুল সিংহনাদ তাৰ ওপৰেদি মূৰ তুলি⸺কোন তুমি, বাণি,⸺ বিক্ৰয় পতাকাৰ দৰে উৰি উৰি জিলিকিব লাগিছা? কোন তুমি, নিতে নিতে চিৰ নতুন অতিথিৰ দৰে ভুমুকি একোটি মাৰি হিয়াৰ দুৱাৰে দুৱাৰে প্ৰাণৰ সুৰভি বিলাই ফুৰিছা? তোমাৰ ভিতৰৰো ভিতৰত অতি প্ৰিয় অতি শ্ৰেয় কিবা এটি নিশ্চয় আছে। নহলে সি নিতৌ নতুন বোলেৰে অনন্তৰ মুখে মোক নিবই বা খোজে কিয়?---উত্তৰৰ অপেক্ষাত যেই অতিথিৰ চকুলৈ চকু নিলোঁ⸺দেখিলোঁ মোৰ চকুৰ অতিথি চকুতে লুকাল! সেই দিনাৰ ভাৱনাৰ সিমানতে আধ্যা পৰিল। বুজিলোঁ, মোৰ অতিথিৰ বৰ ৰোহ। এতিয়াও যে অতিথিৰ সম্বন্ধে মোৰ মতিৰ স্থিৰতা নাই, এতিয়াও যে অতিথিলৈ দিযা চকু যুৰি পলকে পলকে অইন কিহবাই টানি নিয়ে, এইটি অতিথিয়ে বেচ বুজিছে। সেইহে বিজুলীৰ দৰে চকুত চাটি মাৰিয়েই চাবলৈ ললেই নাইকিয়া হয়! ই এতিয়া অতিথিৰে লীলা নে মোৰ মনৰেই বিকাৰ তাকে হে বুজিব পৰা নাই।
আকৌ এদিনা অতিথি আহিল। আগৰে পৰ৷ মন বান্ধিছো, আৰু লৰচৰ কৰিবলৈ নিদিওঁ,⸺এইবাৰ, এইবাৰ অতিথিৰ চিনাকি লমেই লম।⸺ইয়ে, ইকি দেখিছোঁ! আজি যেন অতিথিৰ মুখখনি ভাৰ্ভাৰ্, চকুত সন্দেহৰ ছাঁ, মুখৰ