পৃষ্ঠা:সপ্তপৰ্ণ.djvu/২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
সপ্তপৰ্ণ

নেযাবা;⸺প্ৰাণ খুলি দিলে।, শেষৰ নিশ্বাসটি নেযায় মানে গাই থাকাঁ, বাজি থাকাঁ।

 হুঁচৰি গুচি গ’ল। বীণা থমকি গলেও তাৰ সুৱদি সুৰ প্ৰাণত বাজি থকা দি এই নামটিও মোৰ প্ৰাণত বাজিবলৈ ললে। হিয়াত আনন্দই নধৰা হ’ল। হু চৰিৰ আজিৰ আশীৰ্ব্বাদ হাতে হাতে ফলিয়ালে। ৰাতি-দুপৰ জিৰণি পাটিত পৰিলোঁগৈ, মগজুত জিকাৰি উঠিল সেই সুৰ! সেই সুৰে যেন মোৰ গালে মুখে হাত খনি বুলাই নিচুকাব লাগিছে। কেতিয়া টোপনি আহিল⸺কব নোৱাৰিলোঁ। সাৰ পাই বাহিৰলৈ ওলাই আহি শুনিলো⸺ বহাগী বতাহে বিহুত বাউলি হৈ বলাই আনিছে⸺সেই সুৰ! মান অভিমান ঢালি দি সৰু লৰাটিৰ দৰে সুৰ ধৰি ধৰি গাবলৈ ধৰিলোঁ,—

“মথুৰাৰ হাটলৈ যাবকে নোৱাৰি
কানায়ে পিদিলে বাট ঐ
গোবিন্দাই ৰাম।
ৰাধাই বোলে – কানাই, নিয়াঁ পাৰে কৰি
যাওঁ মথুৰাৰ হাট ঐ
গোবিন্দাই ৰাম॥”