কীৰ্ত্তন,⸺সেৱাৰ মাজেদি, উপাসনাৰ মাজেদি, নাম কীৰ্ত্তনৰ মাজেদি তাৰ ৰঙৰহস্য, তাৰ খোৱা লোৱা সাৰ্থক কৰি দিবলৈ কি সুন্দৰ এই চেষ্টা! সি আজি যি হুঁচৰি গাব, যি নাচিব বাগিব⸺তাৰ আদিত নাম, তাৰ অন্তত নাম, নামেৰে সি চিৰ মধুৰ!
সি অকল নামেৰেই নহয়, প্ৰাণেৰেও পবিত্ৰ হৈ জিলিকি পৰিছে। এই পুণ্যময় স্থিৰ লক্ষ্যটিৰ অনুষ্ঠানটিযে অসমীয়াক তাৰ এচমকা বাৰীৰ পৰা এটি বহল আয়তনৰ লক্ষ্যলৈ বাট বলাই নিব লাগিছে। যাৰ হাতলৈ যাৰ মুখলৈ চাই সি বছৰ জোৰা কাম চলাব লাগিব⸺সেই জ্ঞাতি সেই গঞাই আজি হুঁচৰিৰ মাজেদি আনন্দ বিলাবলৈ বুলি তাৰ পদূলি মুখলৈ আহিছে,⸺তাৰ প্ৰাণত উদুলি-মুদুলি,⸺ শৰাইৰে মান ধৰি গলবস্ত্ৰ হৈ দীঘল দি পৰি সি আজি জ্ঞাতিৰ আশীৰ্ব্বাদ গঞাৰ আশীৰ্ব্বাদ শিৰ পাতি লৈছে, তাৰ আজি ‘ৰাইজেই ৰজা, জ্ঞাতিয়েই গঙ্গা; কি মহান এই দৃশ্য! বহুক এক দেখি আজি তাৰ মুৰটিয়ে প্ৰেমেৰে মাটিত লেটি লৈছে! তাৰ অহঙ্কাৰ ছাই হৈ গল, তাৰ চকু মেল খাই গল। এইয়েই আনন্দধামৰ সিং দুৱাৰ! ঈশ্বৰে কৰক, ইয়েই যেন উদগণি দি দি মঙ্গলময়ৰ আনন্দ ৰাজ্যৰ বাটে অসমীয়া ভাই ভনীটীক বছৰে বছৰে লৈ যায়।
চ’তৰ বিহুৰ ৰাতি এপৰ হৈ যোৱা নাই। নানান উৰণীয়া ভাবৰ খেলিমেলিত কত কি ভাবিলোঁ, কত কি