পৃষ্ঠা:সপ্তপৰ্ণ.djvu/২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
প্ৰথম পৰ্ণ

ৰক্ষাৰ আমাৰ এই এদিনীয়া কামটি ছমাহ জোৰা দিন এটিত কত বাৰ কৰিব লাগে, —অথচ তাত বাৰে বাৰে আমাৰ ইয়াৰ দৰে প্ৰভাতৰ বীণা বাজি নুঠে। তেওচোঁ তাত গ্লানি নাই, বিৰক্তি নাই, সুন্দৰ ভাবে সকলো কাম চলি গৈছে। বাৰে বাৰে কৰ্ম্মৰ আৰম্ভণত নতুনৰ ধাউতিৰে নতুন আনন্দ নোহোৱা হলে, জীৱন তাত এক দুঃসহ যন্ত্ৰণা হৈ উঠিল হেঁতেন। এনে খতিক্ষণ নোহোৱাকৈ, ঘানি ঘূৰোৱা জগতত কোনে থাকিব খুজিলেহেঁতেন; কৰ্ম্মৰ দোৱাডাৰে দোৱাডাঁৰে যদি জিৰণিৰ পাচত নতুন হৈ অহা আনন্দৰ উদগণি নেথাকিলহেঁতেন, আজি অসমীয়াই প্ৰকৃতিৰ মাতত ওলাই আহি কি দেখিলেহেঁতেন সেই একে বহাগী ধুমুহাৰ জলৌ- জপৌ, জেঠৰ বাৰে খৰৰ গপ গপনি, সেই একে বাৰিষাৰ ধাৰাসাৰে কেন্‌কেননি,— তলৰ মাটি ওপৰ কৰা, শৰীৰৰ তেজ পানী কৰা সেই একে হাহাকাৰ— পথাৰ জোৰা ধানৰ ডাঙৰি কঢ়িয়াই আনোতে কানৰ ঢৌ-ফুটা সেই একে ভক্‌ভকনি! কেনিও ক’তো একেষাৰি ‘আই ঐ দেহি’ নাই, মিঠা মুখৰ মাত এটি নাই। কি ভয়ঙ্কৰ এই হাড়ভঙ্গা পৰিশ্ৰমৰ নিকটোৱা দাঁতেৰে বিকট ছবি! কিন্তু নতুনৰ কি মোহিনী মন্ত্ৰ, আনন্দৰ সুৰত তাৰ সকলো ভয় সকলো গ্লানি পানী হৈ গল। দোৱাডাঁৰৰ ঘৰিয়ালৰ দাঁত নৱ-মল্লিকাৰ কোমল কলিকাতকৈও সুকোমল হৈ পৰিল। কি আচৰিত এই যাদুদণ্ডৰ পৰশ! কি মহিমাময় এই মুৰুলীৰ তান!