পৃষ্ঠা:সপ্তপৰ্ণ.djvu/২০৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৯
সপ্তম পৰ্ণ

আহ আজি ওলাই আহ, তোৰ আনন্দ কণিকাৰ পোহৰে পোহৰে লৰি যা।—তাক কামেৰে পঙ্কিল নকৰিবি, ইন্দ্ৰিয় লালসাৰে কলুষিত নকৰিবি।—কি? নোৱাৰিবি? নোৱাৰিবি? তোৰ মনৰ লালসাই টানি নিব খোজে?—ৰাধাপটি বাট জিলিকি আছে! ভয় কিহৰ? এবাৰ প্ৰাণ ভৰি শ্ৰীৰাধাৰ নাম ল। তোৰ শৰীৰলৈ শক্তি আহিব। প্ৰেমময়ী ৰাধিকাৰ পবিত্ৰ নামত মনৰ নীচ লালসা জঁই পৰি মৰি যাব। এবাৰ, এবাৰ তোৰ হৃদয়ৰ হ্লাদিনী জগাই তোল। প্ৰাণৰ মাজত ৰাধাৰ কাণত কানাইৰ বেনু বাজি উঠিব,—কানাইৰ প্ৰেমৰ পৰশত অচিৰে প্ৰাণ তোৰ পূৰ্ণ হব।—গোৱাঁ মা, গোৱাঁ তেনে গাই থাকাঁ,—জগতৰ মাজত, দেশৰ মাজত মোৰ প্ৰাণৰ মাজত ৰাধা শক্তি নেজাগে মানে, মোৰ ভাই ভনীটীৰ হৃদয়ে হৃদয়ে হ্লাদিনী শক্তি নজলে মানে গাই থাকাঁ;—গোৱাঁ আজি ৰাধাকৃষ্ণৰ মধুৰ লীলাৰ মধুৰ ৰসেৰে, গোৱাঁ আজি পৰম ভক্তৰ ৰসৰ কণ্ঠেৰে, গোৱাঁ আজি প্ৰাণ ভৰা অসীম প্ৰেমেৰে :—

“জয় ৰা ধে—জয় ৰাধে—প্ৰেম ময়ি জয় ৰাধে।
জয় ৰাধে—জয় ৰাধে—প্ৰেম ময়ি জয় ৰাধে॥ ”

শ্ৰীকৃষ্ণাৰ্পণমস্তু