পৃষ্ঠা:সপ্তপৰ্ণ.djvu/২০৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৭
সপ্তম পৰ্ণ

কিয়?—মোৰ প্ৰেমত যে ধৃতি নাই, ধৈৰ্য্য নাই,—মোৰ কাম আসক্তিৰ জালেৰে অন্ধ, মোৰ চেষ্টা সংসাৰৰ জিঞ্জিৰিৰে বন্ধ, মোৰ প্ৰাণৰ পোহৰ স্বাৰ্থৰ কুৱঁলীৰে ধুৱঁ লি-কুঁৱলী! এই নিঃসহায় লাঞ্ছিত জীৱনত এনে মোৰ শক্তি নাই, এনে মোৰ সামৰ্থ্য নাই, তোমাৰ মন্ত্ৰ যে মন-মন্দিৰত জাগ্ৰত কৰিম! তুমি মোৰ প্ৰাণৰ কৰুণ বেহাগত, মোৰ প্ৰাণৰ বাসন্তী হিন্দোলত—তুমি মোৰ সপোনত, মোৰ সচিতত তোমাৰ চিৰ তাপসীৰ চিকোণ মূৰতিৰে, তোমাৰ কোকিল কণ্ঠেৰে গাই যোৱাঁ, গাই থাকাঁ। তোমাৰ প্ৰাণ সঞ্চাৰিণী সুৰৰ শকতিত জানোচা কোনোবা কাহানি মোৰ আকুলতা জাগেই! এই জনমত নহলেও জন্মান্তৰত এই সুৰেই জানোচা এদিন প্ৰেমময়া ৰাধিকাৰ চৰণপ্ৰান্তলৈ লৈ যায়েই। গোৱাঁ, গোৱাঁ দেবি! গোৱাঁ মোৰ বাহিৰে, গোৱাঁ মোৰ অন্তৰে, গোৱাঁ মোৰ দেশৰ ভাই ভনীটীৰ মুখেৰে, মোৰ দেশৰ ফুলে ফুলে, লতাই লতাই, বতাহে বতাহে তোমাৰ সুৰ বাজি উঠক; বাজি উঠক তাৰ দিনত, বাজি উঠক তাৰ ৰাতি; বাজি উঠক তাৰ বৃদ্ধিত, বাজি উঠক তাৰ অপচয়ত; বাজি উঠক তাৰ জীৱনত, বাজি উঠক তাৰ মৰণত; বাজক, বাজক তাৰ ৰাতি দিনৰ দোমোজাত, বাজক তাৰ নতুন পুৰণিৰ মিলন সন্ধিত। হুঁচৰি! বাছি থাক!—বাছি থাক হুঁচৰি! নতুন আৰু পুৰণি বছৰৰ মিলন সংক্ৰান্তিত অসমীয়া ভাই ভনীটীৰ