পৃষ্ঠা:সপ্তপৰ্ণ.djvu/২০২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৪
সপ্তপৰ্ণ

 কোৱাঁ, কোৱাঁ মাতৃ, তোমাৰ এই কথাষাৰিত এনে এটি আকুলতা ফুটি উঠা নাই নে? হয়, তুমি হাঁহিছা। তোমাৰ হাঁহিটি অন্তৰে সৈতে জিলিকি পৰিছে। তোমাৰ বাণীত, তোমাৰ ৰিক্তক পূৰ্ণ কৰাৰ তীব্ৰ আকুলতাত, প্ৰাণী হৃদয়ৰ আনন্দ কণিকাক পৰমানন্দৰ স্নিগ্ধ জ্যোতিৰে ৰঞ্জিত কৰি তাৰ নিৰানন্দ নিৰ্য্যান কৰা এই তোমাৰ সৰল হাবিলাষত গোটেই বিশ্বৰ সাৰ্ব্বজনীন প্ৰাৰ্থনা এটি জিলিকি পৰিছে,—সিয়ে আজি স্থান পাত্ৰ আৰু কাললৈ চাই প্ৰাণৰ অতি সৰল, অতি সহজ, সাধাৰণ ভাষাৰে তোমাৰ মুখত ফুটি অমৃত ঢালিছে!—ভাৰতৰ কি মহৎ ভাগ্য! বিশ্ব জগতৰ প্ৰাণৰো প্ৰাণৰ এই প্ৰাৰ্থনাৰ বিশ্বসঙ্গীত,—তাৰ প্ৰথম মধুময় মূৰ্ছনা বাজিছিল ব্ৰহ্মবাদিনী মাতা মৈত্ৰেয়ীৰ কোমল প্ৰাণত! তাৰেই আভাস, তাৰেই প্ৰতিধ্বনি এটি বাজি উঠিছে ৰাধাৰ আজিৰ এই প্ৰাণৰ সুললিত সুৰটিত!

 জ্ঞানৰ কঠোৰতাত, কৰ্ম্মৰ স্বেচ্ছাচাৰিতাত লিপ্ত হৈ থকা জীৱকুলৰ প্ৰাণত প্ৰেমৰ মধু বিলাই দি প্ৰেমময়ী ৰাধাৰ প্ৰেমৰ লীলাই জগত গোটেইখনি মধুময় কৰি তুলিলে,—তাৰ আজি ধূলিত মধু, বালিত মধু, ফুলত মধু, ফলত মধু, দিনত মধু, ৰাতিত মধু, আকাশে পাতালে মধু,— মধু—কেৱলে মধু! এই মধুৰ মধুৰ সোৱাদ লবলৈ হলে জীৱই তাৰ হিয়াৰ ৰাধা শক্তি জগাই এবাৰ পাৰ কৰি নিবলৈ এইদৰেই প্ৰাণৰ কানাইক প্ৰেমেৰে মাতিব লাগিব। প্ৰাণৰ