পৃষ্ঠা:সপ্তপৰ্ণ.djvu/২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
সপ্তপৰ্ণ

কৰ্ম্মৰ সমল গৰুগাই কেউটিলৈ। পুৱ মাহ হালধিৰে গা ধুৱাই ‘বৰ বৰ গৰু’ হবলৈ আশীৰ্ব্বাদ দিছে; সদ্যয কোবোৱা বুটি এছাৰিডাল দলিয়াই দি মাখিযতীৰ ফুলাম পাতেৰে আবেলি আগুৰি আনি আজি সি গোহালিত যাগ দিছে, পিঠ৷ পনা যাচি নতুন পঘাৰে বান্ধি এবাৰ সিহঁতৰ মুখলৈ চাই কেনে তৃপ্তিৰ হাঁহিটি সি হাঁহিব লাগিছে। জবাফুলে তাৰ ফটিকৰ আৱৰণ নিজা ৰঙেৰে ৰঞ্জিত কৰাদি আজি অসমীয়া ভাই ভনীটীৰ আনন্দৰ এই জিলিকনিযে গছে লতাই, আকাশে বতাহে চাৰিউ কাষৰ জিলিকাব লাগিছে। বিনন্দীয়া বিহুত আজি মোৰ দেশখনি কেনে মনোময় হৈ পৰিছে!

 কৰ্ম্মময় জগতত কৰ্ম্মীৰ প্ৰাণলৈ কৰ্ম্মই নতুন শকতি, নতুন উদগণিৰে যি আনন্দ লৈ আহে তাৰ লগে লগে প্ৰকৃতিৰ নিতে নতুন পৰিবৰ্ত্তনৰ যি আনন্দ, সি গীতৰ লগে লগে বাজি উঠা বীণাৰ সুৰৰ দৰে ৰূপত ৰা চৰাই নতুনৰ মুখখনি আৰু জিলিকাই তোলে। আমাৰ ভাগ্য ভাল, শৰীৰ ৰক্ষাৰ নিমিত্তে আমাৰ নিতৌ কৰিব লগীয়া যি একে কাম আছে তাৰ আৰম্ভণৰ লগে লগে প্ৰকৃতিৰ প্ৰভাতী বীণা বাজি উঠে, পুৱাই পুৱাই নতুন সৃষ্টি যেন লাগে। একেটি কামকে নতুন যেন দেখি নতুন উছাহেৰে হাত দিবৰ মন যায়। কিন্তু য’ত বছৰৰ আধেক জুৰি দিন আধেক ৰাতি, য’ত আমাৰ এটি বছৰে তাৰ এদিন হয়, ত’ত শৰীৰ