মথুৰাহাটত—মোৰ প্ৰিয়! শুনিছোঁ, শুনিছোঁ,—মুৰুলী! মুৰুলী!!—মোৰ প্ৰাণকৃষ্ণৰ মুৰুলী!!—বৃন্দাবনৰ কেলি-কদম্বৰ মূলত বজাদি, বিশ্বৰ মূলত বজাদি সৌৱা মথুৰাহাটত মোহন মুৰুলী বাজি উঠিছে! যমুনাৰ বুকুৱেদি বৈ আহি ইপাৰে প্ৰাণত মোৰ প্ৰতিধ্বনি তুলিছে! মই যে আৰু ৰ’ব নোৱাৰোঁ! সৌৱা সেই মথুৰাহাট! সৌৱা, সৌৱ৷ সেই সন্তাপহাৰী সচ্চিদানন্দৰ প্ৰেম পাৰাবাৰ! কিহে মোক ভুলাই ৰাখিছে; কিহে মোক টানি নিছে! যাব যে নিদিয়ে! কি এই এৰিলে নেৰা অসাৰ মোহ,—কিয় সি মোক আগচি ধৰে! কি এই ভেদৰ দোৰ্ঘোৰ অন্ধকাৰ,—কিয় সি মোক আবৰি ধৰি বাট নেদেখা কৰিছে! কি ঘোৰ এই মৃত্যুৰ হাহাকাৰ—কিয় সি মোক আতঙ্কত কঁপাই আকুল কৰিছে! যমুনাৰ মূৰতিৰে সংসাৰৰ মাজত কি ভয়ঙ্কৰ এই পথৰ অন্তৰায়! বাজিছে!—মোহন মুৰুলী প্ৰাণ ভৰি বাজি উঠিছে! ৰ’ব নোৱাৰোঁ, আৰু থিৰেৰে ৰ’ব নোৱাৰোঁ! মুৰুলীৰ মাতে মাতে প্ৰাণ যেন উৰি যায়! নিদিয়ে, মোক যাব নিদিয়ে। নিয়াঁ, নিয়াঁ, প্ৰাণ কানাই মোক পাৰ কৰি নিয়াঁ, নিয়া তোমাৰ মথুৰাহাটৰ সেই সুঠাম সুন্দৰ ৰাসবিহাৰী মূৰতিটিৰ মাজেদি তোমাৰ সচ্চিদানন্দ স্বৰূপ প্ৰেম পাৰাবাৰলৈ! এই সংসাৰৰ অসতৰ মাজৰ পৰা তোমাৰ সতলৈ মোক পাৰ কৰি নিয়াঁ,—তোমাৰ সত্যত মোক প্ৰকাশ কৰাঁ! অজ্ঞান অন্ধকাৰৰ পৰা প্ৰজ্ঞালৈ মোক পাৰ কৰি নিয়াঁ,—
পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৯৯
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯১
সপ্তম পৰ্ণ