পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৯৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৯
সপ্তম পৰ্ণ

প্ৰাণৰ মাজৰ ইয়াৰে ভুবন ভুলোৱা যি প্ৰত্যক্ষ অনুভূতি, সেয়ে মথুৰাহাটৰ হৰি—যাক মথুৰাত দেখিলে জীৱৰ সকলে৷ গৰি শেষ সেই পৰম৷ গতি!

 সচ্চিদানন্দ হৰিৰ অপৰূপ জ্যোতি অন্তৰ্নয়নত জিলিকি পৰিলে সেই অত্যুজ্জ্বল ৰূপত প্ৰকাশ পালেই যে ব্ৰহ্ম দৰ্শনেৰে ব্ৰহ্মময় হৈ যোৱা যায়। নদীৰ পৰমাগতি যেনেকৈ বিশাল সাগৰেৰে মিলি সাগৰ হৈ যোৱা, জীৱৰো পৰমাগতি আপোনাক ব্ৰহ্মত মিলাই দি ব্ৰহ্মময় হোৱা,—সচ্চিদানন্দৰ সৎ স্বৰূপত, জ্যোতি স্বৰূপত, আনন্দ স্বৰূপত প্ৰকাশ পাই অভেদ জ্ঞানেৰে অসীম অনন্তৰ প্ৰশান্ত কোলাত মিলি যোৱা।

 পান কৰিলেও মধুৰ কেনে সোৱাদ কব নোৱাৰি যেনে স্থলত, জীৱনত যি মধু পান কৰি পোৱা নাই, তাৰ মুখে দি মধু আস্বাদনৰ আনন্দ-বাতৰি ফুটে কেনেকৈ?—ব্ৰহ্মানন্দৰ যি মধু সি যে আৰু গহন, আৰু অতুলন!—ক্ষীৰোদধিৰ অমৃততো তাৰ তুলনা নাই। যেয়ে এই আনন্দৰ আস্বাদন প্ৰাণে প্ৰাণে পায়, সেই জীবন্মুক্ত পুৰুষেই পৰমানন্দত বিভোল হৈ পৰে। ৰামকৃষ্ণ পৰমহংস দেৱে কৈছিল, “সেই বাতৰি তোমাক দিয়ে কোনে? লোণৰ পুতলা সাগৰ জুখিবলৈ গৈছিল, গলি গ’ল।”—সেই পৰমানন্দৰ পৰশ প্ৰাণত লাগিলেই প্ৰাণ গলি যায়, কথাৰে কবলৈ কথা যে নেথাকে।—ব্ৰহ্মানন্দত নিমগ্ন হোৱা ঋষিসকলৰ কৰুণাৰ আহ্বানে জগতৰ জীৱকুলৰ কাণে কাণে আজিও অলক্ষিতে