প্ৰেমত পমি যায়।—এয়ে এয়ে সেই মথুৰাহাটৰ মন প্ৰাণ হৰি নিয়৷ হৰিৰ সাকাৰ মুৰতি!
অন্তৰ ৰাজ্যত এই যে ব্যক্ত শ্ৰীহৰি, এই যে “একস্তথা সৰ্ব্বভূতান্তৰাত্মা ৰূপং ৰূপং প্ৰতিৰূপো বহিশ্চ”, তেওঁৰেই অব্যক্ত নিৰাকাৰ যোগ ব্ৰহ্মবাদী ঋষিসকলে জ্ঞানৰ সুস্নিগ্ধ আলোকত প্ৰাণে প্ৰাণে প্ৰত্যক্ষ অনুভৱ কৰি অমৃত সাগৰত ৰাতি দিন পৰমানন্দেৰে নিমগ্ন হৈ থাকে। সেই অব্যক্ত ৰূপ—সত্য স্বৰূপ সত্যৰ মাজেদি, জ্ঞান স্বৰূপ জ্যোতিৰ মাজেদি, আনন্দ স্বৰূপ অমৃতৰ মাজেদি সিবিলাকৰ সাধনাৰ বলত প্ৰাণৰ অনুভূতিত জীৱন্ত জাগ্ৰত হৈ জল্ জলকৈ উজলি উজলি এক চিৰ স্নিগ্ধ উজ্জ্বলতাৰে হৃদয় পৰিপূৰ্ণ কৰি তোলে। যুক্তাত্মা ঋষিসকলৰ জ্ঞানৰ চকুত মথুৰাহাটৰ ভেদৰ ৰূপ আৰু নেজাগে, জাগি উঠে তাৰ হৰি, জাগি উঠে তাৰ অৰূপ, জাগি উঠে তাৰ সচ্চিদানন্দ বিগ্ৰহ।
জগতৰ প্ৰতিচ্ছায়া মথুৰাহাটৰ ৰূপৰ বৈচিত্ৰ্য, ভেদ জ্ঞানৰ অজ্ঞান-অন্ধকাৰ, অখণ্ডক খণ্ড য়েন দেখ। মৰণৰ মায়া—এই সকলোখিনি যাৰ প্ৰশান্ত বুকুত মিলাই লৈ যি সচ্চিদানন্দ বিগ্ৰহ দিব্য জ্যোতিৰে জিলিকি আছে, সেই সচ্চিদানন্দৰেই বা স্বৰূপ ক’ত?
আজিৰ যি মথুৰাহাট, সি কালি অবিকল একে নাছিল। কাইলৈকো নেথাকে। তাৰ ইমান চাঞ্চল্য, ইমান পৰিবৰ্ত্তন। এই চাঞ্চল্য এই পৰিবৰ্ত্তনেই আচল মথুৰাহাট নহয়। মথুৰাহাট