পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৯২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৪
সপ্তপৰ্ণ

দেখে গণপতি,—এই সকলো ৰূপেৰে আৰু যে কিমান কি ৰূপেৰে বিশ্বাতীত হৰিয়ে জীৱৰ পাপ তাপ হৰি আনন্দ অমৃত বিলাব লাগিছে। কৃষ্ণৰ সেই সুঠাম সুন্দৰ দেহাটিৰ মাজতো লুকাই আছে এই অৰূপৰ হৰি, যাৰ আবেশত চিৰ-বৰেণ্য কৃষ্ণ আজি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী শ্ৰীহৰি!

 প্ৰেমিক বৈষ্ণৱৰ চিত্তাকাশত হৰিৰ ব্যক্ত ৰূপ কি যে অপৰূপ দিবাজোতিৰে জিলিকি উঠে!—চকোৰে চন্দ্ৰকিৰণ পান কৰাদি ভক্তই সেই দিব্য ৰূপ হৃদি নিকুঞ্জত অন্তৰ্নয়নেৰে পান কৰি তন্ময় হৈ যায়। ধাবল্যেৰে ক্ষীৰ, দাহিকা শক্তিৰে অগ্নি, শক্তিৰে শক্তিমান প্ৰকাশ পোৱাদি পৰমা-প্ৰকৃতিৰে পৰম-পুৰুষৰ বিশ্ব বিমোহন ৰূপ ৰাধা-কৃষ্ণৰ যুগল মিলনত জলি পৰে,—সৎ স্বৰূপ কৃষ্ণৰ মুখপদ্মৰ মধুৰ মুৰুলীত জগতৰ চেতনা সঞ্চাৰ, বামত হ্লাদিনী ৰাধিকা, দুয়ো দুইৰো মুখলৈ চাই হঁহা হাঁহিটিত বিশ্ব ব্ৰহ্মাণ্ডৰ আনন্দ উল্লাস! সত্য, জ্ঞান আৰু অনন্ত আনন্দৰ কি সুন্দৰ সমাবেশ! অদ্বৈতৰ দ্বৈত মূৰতি প্ৰণৱৰ ওঙ্কাৰে মেৰাই অভিন্ন কৰি কি মাধুৰী তুলিছে! কি মহান এই সৌম্য মূৰতি—যাৰ অসীম সৌন্দৰ্য্যৰ নিশ্বাসকণিকাই সকলো কালৰ সকলো সৌন্দৰ্য্যকে জীৱন মৰণেৰে নচুৱাব লাগিছে। দিব্য জ্যোতিৰে এই ৰূপ এবাৰ অন্তৰ্নয়নেৰে দেখিবলৈ পালে হৃদয়ৰ সকলো গ্ৰন্থি মুকলি হয়, প্ৰাণ প্ৰেমানন্দৰ অসীম