আছে। সিবিলাকৰ আত্মা যে এক,—“জীৱ ব্ৰহ্মৈব নাপৰ”—এই আত্মাৰ অভিন্নতাত এই অদ্বৈততে সিবিলাক বহু হৈও এক। বৃহৎ জগতৰ দৰে ক্ষুদ্ৰ জগত মথুৰাহাটৰো যত অমিল যত ভেদ এই অভেদত মিলি গল, এয়ে মথুৰাহাটৰ অদ্বৈত তত্ত্ব।
হাটৰ শান্ত তত্ত্ব, শিৱ তত্ত্ব, অদ্বৈত তত্ত্বত যাৰ সুন্দৰ সু-প্ৰকাশ সেয়ে যে ব্ৰহ্ম,—তেওঁ “শান্তম্, শিবম্, অদ্বৈতম্”,—তেওঁ “একমেবাদ্বিতীয়ম”, “একং সদ্বিপ্ৰা বহুধা বদন্তি, একং সন্তং বহুধা কল্পয়ন্তি।” সকলো অমিল মিলাই বিশ্বৰ মূলত বিৰাজ কৰাদি মথুৰাহাটতো বিৰাজ কৰিছে তেৱেঁই। এই শান্ত, শিব, অদ্বৈত তত্ত্বতে ব্ৰহ্মৰ আভাস পোৱা যায়, ব্ৰহ্মৰ দৰ্শন সম্ভৱ হয়। সেই দৰ্শনেই ৰাধাৰ কৃষ্ণ নামেৰে হৰি। হৰি শব্দ যে ব্ৰহ্মবাচক। পুৰুষোত্তম হৰিয়েই সেই অনিৰ্বচনীয় গুণাতীত ব্ৰহ্ম—যাৰ ভিতৰত জাগিব লাগিছে অচল৷ শান্তি, অনন্ত ঐক্য আৰু অবিকল্প সাম্য,—এয়ে তেওঁৰ অক্ষৰ ৰূপ! যেতিয়া অক্ষৰ পুৰুষে প্ৰকাশৰ কাৰণে অথবা লীলাৰ নিমিত্তে প্ৰকৃতিক আশ্ৰয় কৰে তেতিয়াই তেওঁ অব্যক্ত হৈও ব্যক্ত, অক্ষৰ হৈও ক্ষৰ!
ব্ৰহ্মৰ অনন্ত আকাৰ গুণেই তেওঁ নিৰাকাৰ। ভক্তি পথৰ সুচিকোণ আলোকত ব্ৰহ্মৰ ব্যক্ত ৰূপৰ মাজেদি ব্ৰাহ্মণে দেখে গায়ত্ৰী, বৈষ্ণবে দেখে বিষ্ণু, শাক্তই দেখে মহাশক্তি, শৈবই দেখে সদাশিৱ, সৌৰই দেখে সূৰ্য্য নাৰায়ণ, গাণপত্যই