১১
নেথাকে ঐ”! সঁচাকৈ নেথাকে। চ'ত! ক'ত আজি তোৰ শোকৰ হাহাকাৰ; সকলোখিনি চপাই বুটলি নিমাতে নিবোলে কলৈ গুচি গলি? অকণি চিনো থৈ নগলি? বহাগ! আহিছ, আহ। তয়ে৷ এইদৰে এদিন চ'ত হৈ নিমাতে নিবোলে গুচি যাবি, তেও বুলি—তেও বুলি মুখখনি তোৰ কেনে সুন্দৰ! কোন অজান্তীৰ দীপ্তিত চকুযুৰি তোৰ তিৰবিৰাব লাগিছে!— নবীন বেশেৰে অহা বহাগৰ বিমোহন মূৰতি দেখি মাত তাৰ হৰি গল। এক নতুন আশাৰ নতুন উলাহত মুখখনি তাৰ ফুলি পৰিল। কি সুন্দৰ, কি মধুৰ তাৰ হাহিটি! এই হাঁহিটিতে দেহি, কত কবিতা, কত সুৰ জৰি পৰিছে!
নতুন সি নীৰস বা কাঠৰ কঠুৱা কিবা এটা নহয়। মুখত তাৰ আনন্দৰ গন্ধ, অন্তৰত অনৱচ্ছিন্ন আনন্দৰ ধাৰ৷। বচৰ জোৰ৷ কৰ্ম্মই ফলাফল দি যোৱ৷ দেখি স্বভাৱতে তালৈ আমাৰ হেঁপাহ এটি জাগি উঠে। কৰ্ম্মক এৰি কৰ্ম্মক ধৰিবলৈ গৈ এই যে তাক নতুনকৈ দেখা-- এই নতুনতে সেই হে আমাৰ ইমান কুতূহল -- ইমান আনন্দ! সৰু লৰাক মৰম দিলে সি সেই মৰম বিলাই ফুৰাৰ দৰে সৰল শিশুৰ নিচিন৷ খেতিয়কেও তাৰ আজি প্ৰাণৰ আনন্দ চাৰিও কাষৰে বিলাই ফুৰিছে। নাচোন বাগোনৰ ৰঙ ৰহস্যেৰে, খোৱ৷ লোৱাৰ তৃপ্তি উপভোগেৰে তাৰ প্ৰাণৰ আনন্দ প্ৰকাশ কৰিবলৈ সি আজি উৰুলীকৃত হৈ পৰিছে। আজি তাৰ মনত পৰিছে