পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৮৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮১
সপ্তম পূৰ্ণ


 আমি মিলাব নোৱাৰা জগত-জোৰা যি বেসুৰা বিৰোধ, স্বাৰ্থৰ যি নিকৰুণ কঢ়া-আঁজোৰা, পৰম্পৰ ভেদৰ যি বিষম বৈচিত্ৰ্য, এই সকলোটি এই দৰেই এটি তত্ত্বত মিলি এক হৈ পৰে। অমিলৰ এই মিলে মিলে মনটি দি দিলেই হৰিৰ আভাস পাব পাৰি; কিয়নো, তেওঁ চিৰ-শান্ত,—সকলো অমিল মিলাই লৈ এক হৈ চিৰ আনন্দেৰে বিৰাজ কৰিছে। তেৱেঁই বহু হৈ জগতত প্ৰকাশ পাইছে, তেওঁতেই জগতৰ এই বহু বিলীন হৈ যায়। হাটৰ হো-হোৱনি আমাৰ কাণ-মাদলত বাজি উঠে, হাটৰ বৈচিত্ৰ্য আমাৰ চকুত জিলিকি পৰে; কিন্তু, জগত-জোৰা কোলাহল লৈ যি বিশ্ব সঙ্গীতৰ ঐকতান, জগত-জোৰা বহুত বিভিন্ন ৰূপ লৈ চিৰ সুন্দৰৰ ভুবন মোহন যি বিশ্বৰূপ,—সি কাণত নেবাজে, চকুত নজলে;—প্ৰত্যক্ষে সি সুৰ হৈ বাজি যায়, ৰূপ হৈ জলি যায় প্ৰাণৰ মাজৰ অনুভূতিত!

 হাটৰ মাজত কাণত বাজে চিৎকাৰৰ তীব্ৰতা, কোলাহলৰ বাহুল্য। এই অমিল কোলাহলৰ মিল ক’ত? গীতে পদে, চিঞৰে বাখৰে নানান লোকে হাটৰ মাজত কোৰ্হাল পাতিছে হয়, কিন্তু আচলতে সিবিলাকে কোৰ্হাল পাতিবলৈ বুলিয়েই হাটলৈ অহা নাই। কোৰ্হাল হাটলৈ আহে নিজক নিচুকাই লৈ যাবলৈ। তাক লাগে শান্তি। শান্তি জাগিলেই সি শান্ত হৈ যায়। হাটত শান্তি আছে বুলিয়েই সি হাটলৈ আহে।—বিশ্বৰ বুকুত পৰম্পৰ বিৰোধী শক্তিৰ