পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৮৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৯
সপ্তম পণ

কাৰণে হাট চলি থাকে। কেৱলে প্ৰাণহীন প্ৰয়োজনৰ নিয়োগত সি অতকাল বৰ্ত্তিব নোৱাৰে। তাৰ অন্তৰত তাৰ প্ৰাণ স্বৰূপ এক গভীৰতম আনন্দ নিশ্চয় আছে। জহৰীয়েহে আচলতে “জওহৰ” চিনে। হাটৰ মাজত অইনৰ কাণত নপৰ৷ বাঁহী এটি ৰাতি দিন বাজিবই লাগিছে। ৰাধাৰ প্ৰাণৰ দৰে প্ৰাণ এখনি নহলে সেই বাঁহীৰ ধ্বনি শুনে কোনে? হাটলৈ যায় বহুতো; হাটৰ মাজৰ হৰিক খোজে কেইজনে? আনন্দ বিচাৰে সকলো ৱ, কিন্তু আনন্দৰ মাজৰ পৰমানন্দ বিচাৰে কিমানে?

 মথুৰাহাটত সকলো হাটৰ তৃপ্তি আছে, সকলো হাটৰ হাহাকাৰ আছে, আৰু আছে তাত অইন হাটত নথকা কৃষ্ণৰ স্মৃতি। এয়ে তাৰ বিশিষ্টতা।—সি যেন কোনো উৎসৱ উপলক্ষে বহা দেৱ মন্দিৰৰ চাৰিও কাষৰৰ আনন্দৰ মেলা। মেলালৈ যাওঁতাই দেৱতাৰ দৰ্শন আশাৰে নিজক দেৱ মন্দিৰৰ মুখলৈ অন্ততঃ এখন্তক নিনি নেথাকে। মথুৰাহাটত কৃষ্ণ-স্মৃতি আছে যেতিয়া, মথুৰাহাটলৈ যাওঁতাৰ হিয়াত এবাৰ নহয় এবাৰ ৰাধাৰ কৃষ্ণলৈ যোৱাদি যোৱা মনৰ অন্ততঃ এটি ক্ষীণ বেগ জাগি উঠা অতি স্বাভাবিক। জগতৰ হাহাকাৰৰ মাজতো এইদৰেই কাৰ্য্য দেখি ৰচনাৰ কৌশল দেখি জগৎকৰ্ত্তাৰ উদ্দেশ্যে এবাৰ নহয় এবাৰ মন অৰ্ন্তজগতৰ মুখলৈ যায়। সেই মুখে মুখ দিলেই আনন্দৰ পৰশ পায়,—এই আনন্দৰ মাজেদিয়েই হ্লাদিনী ৰাধিকা আজি পৰমানন্দৰ দৰ্শনাভিলাষিনী।