বঢ়াবলৈ; কোনো গৈছে ইবিলাকৰে বৰাই কৰি ঢোল কোবাবলৈ, আৰু কোনো গৈছে চল চাই সিবিলাকৰ চান কাঢ়ি নিজে নিজে নিপোটল হবলৈ; কোনো গৈছে নিজক দেখুৱাই বিকাবলৈ, কোনো গৈছে মুগ্ধ হৈ কিনিবলৈ, আৰু কোনো গৈছে মুখেৰে মালিহা মাৰি পখিলাৰ দৰে উৰি উৰি মন তাপৰিবলৈ; কোনো গৈছে ধৰ্ম্মৰ বাণী প্ৰচাৰ কৰিবলৈ, কোনো গৈছে ধৰ্ম্মৰ প্ৰয়াস ব্যৰ্থ কৰিবলৈ, আৰু হাতত টোকাৰি মুখত ভাটিয়ালি লৈ সংসাৰ-ত্যাগী বৰাগীটি গৈছে সংসাৰৰ ভিক্ষাৰে মোনা ভৰাই ধন চপাবলৈ। প্ৰয়োজনৰ নামত, স্বাৰ্থৰ নামত কত ৰং, কত ভাবৰ চং সাজি জনে জনে, জুমে জুমে হাতত আহি জুমুৰি দিয়েহি—তাৰ অন্ত নাই। এইবিলাকৰ কোৰ্হালত, এইবিলাকৰ বিষম বৈচিত্ৰ্যত ভগবানৰ পম হেৰাই যায়, সহজে বিচাৰি পোৱা নাযায়। অনবৰত ভেদ লৈ আপোন কামত চকৰি ঘূৰাদি ঘূৰি থকা মনেও এই ভেদৰ মাজৰ অভেদৰ সন্ধান লোৱাৰ প্ৰয়োজন নুবুজে। তাৰ আজৰি নাই। প্ৰেমেৰে, সাধনাৰে সেই মন টানি আঁজুৰি ঘৰৰ মুখলৈ ননা মানলৈকে সি ভেদত লুটি পুটি লৈয়েই শান্তি বিচাৰে। শান্তি নাই, সন্তোষ নাই,—তথাপি এফেৰি তৃপ্তিৰ আশাত জুৱাৰীৰ দৰে গোটেই জীৱন তাৰ উৰাই দিয়ে।
ওপৰে ওপৰে চালে হাটত এটা প্ৰয়োজনৰ প্ৰৱৰ্ত্তনা চকুত পৰে। তালৈ চাই কব পাৰি হাট চলা প্ৰয়োজন,