‘নিয়াঁ পাৰে কৰি’ এনে ধৰণৰেই অতি সহজ সৰল কথা এটি ফুটেনে নুফুটে কৈ ফুটাই দেশে দেশে কত সৰলচিতীয়া যুৱতীয়ে নিজৰ জীৱন যৌৱন মনে মনে মিলি যোৱা প্ৰেমিকৰ হাতত চিৰজনমলৈ সমৰ্পণ কৰি দিয়ে! মাইকি-বাপেকিৰ, ভাইভনীৰ, সমনীয়া লগৰীৰ, নিজৰ ওপজা ঠাইৰ মায়া মমতালৈ পিঠি দি এক প্ৰেমিকৰ পাচে পাচে পাচলৈ নেচাই কত যুৱতী চগাৰ দৰে জুইত জপিয়াই পৰিছে! ইয়ো কম আত্মসমৰ্পণ নহয়! তথাপিতো কামৰ গন্ধেৰে ই মলিয়ন!
ব্ৰহ্মানন্দৰ অমৃত পান কৰিবলৈ তীব্ৰ আকুলতা জগাত তৃষিতা চাতকীৰ দৰে অন্য জললৈ মন নেমেলি সমিৎপাণি বাৰুণীয়ে এইদৰেই এদিনা অতি সহজ সৰল কথাৰে বৰুণত জনাইছিল,—“অধীহি ভগবো ব্ৰহ্মেতি”—মোক ব্ৰহ্ম জ্ঞানৰ উপদেশ দিয়ক। গীতাৰ ব্ৰহ্মবিদ্যাৰ অধিকাৰী নৰ-ঋষিৰ অৱতাৰ গুড়াকেশ অৰ্জ্জুনেও তেওঁৰ প্ৰাণৰ হৃষীকেশক এই দৰেই এদিন বিষম সমস্যাৰ অন্ধকাৰত পথ নেদেখি আকুল হৈ আত্মসমৰ্পণ কৰি এনে সহজ সৰল কথাকে কাতৰকৈ কৈছিল,—“শাধি মাং ত্বাং প্ৰপন্নম্”—মই তোমাৰ শৰণাগত, মোক উপদেশ দিয়াঁ।—এই আত্মসমৰ্পণত ব্যৱসায়ৰ নিৰ্জীৱতা নাই, কামৰ কল্মষ নাই,—মহতৰ কাষত, উচ্চৰ ওচৰত, পৰম জ্ঞানীৰ সমীপত সভক্তিৰে কৰা এই আত্ম-নিবেদন। কি ইয়াৰ তেজ! ইয়াৰ যোগ্যতা, ইয়াৰ পবিত্ৰতা,