পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৮২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সপ্তপৰ্ণ

 ‘নিয়াঁ পাৰে কৰি। যাওঁ মথুৰাৰ হাট’—কথাষাৰি কথাৰ লেখেৰে কেনে সৰল, কেনে সহজ, অথচ প্ৰাৰ্থনাৰ তুলনাত সি কি উচ্চ, কি মহৎ। মথুৰাহাটত প্ৰকাশত বাজে তাত কোনে৷ কামনা নাই, কোনো স্পৃহা নাই। কি নিষ্কাম এই প্ৰাৰ্থনা! অকল এয়ে নহয়, আত্মসমৰ্পণৰ এটি অতি গভীৰ ভাবো নীৰৱে ইয়াত লুকাই আছে। প্ৰাণৰ প্ৰিয়জনক কোৱা এই কথা, কথাই অলঙ্কাৰ পিন্ধিবৰ অৱসৰ ক'ত? ইয়াত সংযম নাই, অত্যুক্তি নাই, কাকুবাদ নাই, চুলি ছিঙ্গি কৰা কাতৰি নাই; মৰমৰ নিজৰা এটি যেন জৰি জৰি পৰিছে!—আদিৰ পৰা অন্তলৈকে সৰল,—আখৰে আখৰে মধু।

 ভৰা লুইতৰ ডকাৰ দাঁতিয়ে দাঁতিয়ে চাকনৈয়াৰ আলেঙ্গে আলেঙ্গে গুটীয়া নাও এখনিত পাৰকৈ লৈ যোৱাৰ আগতে নাৱৰীয়াক যেতিয়৷ ‘পাৰ, কৰাঁ’ বোলা যায় তেতিয়াই আত্মসমৰ্পণৰ ভাব এটি কথাৰ লগে লগে নীৰবে ওলাই আহে। তাত কোনো খতপত্ৰৰ প্ৰয়োজন নাই, কথাৰ আড়ম্বৰ নাই। আমাৰ জীৱটি নাৱৰীয়াৰ হাতত বিনা বাক্যব্যয়ে দি দিওঁ। কল্‌কল্‌কৈ থকা ভৰা যমুনাত পাৰি দি পাৰ হব খোজা ৰাধিকাৰ এই কথাষাৰিৰ আঁৰত এনে এটি ভাব থকা নিতান্ত স্বাভাবিক। ই এক আত্মসমৰ্পণ হলেও আচলতে ই ব্যৱসায়,—প্ৰাণহীন। পাৰ কৰা সময়খিনি জুৰি আত্মসমৰ্পণৰ ভাব থাকে। তাৰ আগতো নেথাকে, পাচতো নেথাকে। পাৰৰ বানচ দিলেই সকলো শলাগৰ শেষ হয়।