পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৮০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭২
সপ্তপৰ্ণ

জগত যেন হাট খনিত কেৱলে বেচা কিনা কৰিবলৈকো যোৱা নাই; হাতেৰে দধি দুগ্ধ বেচিব, অন্তৰেৰে হৰিৰ অমিয় ৰূপ মাধুৰী পান কৰিব।

 প্ৰসাৰ কৰাই, আপোনাক দি দিয়াই প্ৰেমৰ ধৰ্ম্ম। প্ৰেম বিলাবলৈ আধাৰ লাগে, জন লাগে, জনতা লাগে। প্ৰেমলীলাৰ প্ৰধানা নায়িকা ৰাধাই আজি সংসাৰ পৰিহৰি বৰাগিনী বেশেৰে কৃষ্ণ দৰ্শন কৰিব খোজা নাই, লোকালয়ৰ বহুদূৰত হিমালয়ৰ গহ্বৰত যোগীৰ দৰে, ত্যাগী সন্ন্যাসীৰ দৰে ব্ৰহ্মৰ অনুভূতি লৈ নিজে পৰমানন্দত মগ্ন হোৱাৰ বাসনা তেওঁৰ নাই, ধন-জনেৰে এই সংসাৰ অসাৰ বুলি একমাত্ৰ ভগবানৰ নামকে সাৰ কৰি জীৱন অতিবাহিত কৰাৰ ধাউতিও তেওঁৰ নাই। ভৰ মথুৰা-হাটৰ কৰ্ম্মৰ মাজত, কোলাহলৰ মাজত; বৈচিত্ৰ্যৰ মাজত, প্ৰাণৰ হৰিক প্ৰাণ ভৰি চাই চাই তেওঁ আজি দুয়োকূল ৰক্ষা কৰিব,—জগতত যি আছে সেই সকলোকে ঈশ্বৰে আবৰি থৈছে—“ঈশাবাস্য মিদং সৰ্ব্বং যৎকিঞ্চ জগত্যাং জগৎ।” জগদ্বুদ্ধি ত্যাগ কৰি ঈশ্বৰ ভাবনা অবলম্বন কৰাঁ—আত্মাক অবিদ্যা প্ৰসূত শোক মোহাদি সংসাৰ ধৰ্ম্মৰ পৰা মুক্ত কৰি পালন কৰা “তেন ত্যক্তেন ভূঞ্জিথাঃ।” ৰাধিকাৰ আজিৰ চেষ্টাত উপনিষদৰ এই বাণী উজ্জ্বল হৈ পৰিছে। সংসাৰকে বা ৰাধিকাই ত্যাগ কৰিব কিয়? সংসাৰৰ অন্তৰত সাৰ আছে, ঈশ্বৰে আবৰি আছে। সংসাৰক যতন কৰাই সংসাৰৰ