পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
সপ্তপৰ্ণ

ঢোলৰ কোবে কোবে গোটেই অসম ৰণ-জনীয়৷ হ’ল। এই আনন্দ উৎসৱৰ বিৰাম নাই⸺ফাগুন, চত, বহাগ বিয়াপি নিতৌ গধূলি গধূলি তাৰ প্ৰাণভৰা আয়োজন। মধুমাধৱৰ এই মধুৰ আনন্দই সিবিলাকৰ জীৱন কেনে মধুময় কৰিছে!

 ভৈয়ামৰ চহা গাৱঁলীয়াৰ মুখতো এই আনন্দৰ ৰা পৰি হাহিটি জিলিকি উঠিল। হেমন্তৰ লখিমীয়ে তাক ভোগৰ সম্ভাৰ দি গল, শীতে ৰাতি শীতলাই দীঘল কৰি শান্তিৰ শেতেলিত তাক জিৰণি দিলে; মলয়া চন্দনেৰে আমোল মোলোৱা ফুলৰ সুৰভিৰে বসন্তই তালৈ প্ৰাণ সঞ্জীৱনী বলাই আনিছে; তাৰ পদূলিত আজি কেতেকীয়ে মল মলাব লাগিছে। বাউলি বতাহৰ কুহুমীয়া উমত জহ কালিৰ বাতৰি পাই সি এলাহ লাহেৰে ওলাই আহি দেখিছে⸺ আগত তাৰ বছৰ জোৰা কৰ্ম্মক্ষেত্ৰ! পাচলৈ চাই দেখে⸺ আতক্ৰান্ত বিপদৰ বিষ উৰি যোৱাদি তাৰ বছৰ জোৰা কৰ্ম্মই কৰ্ম্মৰ গ্লানি কৰ্ম্মৰ হাহাকাৰ লৈ জুৰুলা বেশেৰে গুচি গৈছে। কবিৰ কথাৰে সি যদি তাৰ প্ৰাণৰ আবেগ ফুটাব পাৰিলেহেঁতেন⸺শকুলাক উলিয়াই দিবৰ দিনা তাপস বালকটিৰ দৰে পুৱাৰ আকাশত এফালে জোন পৰে পৰে, আন ফালে বেলি উঠে উঠে হোৱা দেখি প্ৰাণৰ কথাটি কবিতাৰে কোৱাদি এই নতুন পুৰণিৰ দোমোজালৈ চাই সিও আজি কলেহেঁতেন,⸺“এনে দিন